ৰাহুল গান্ধীয়ে অসমত বজালে নিৰ্বাচনী ৰণডংকা Credit: ইষ্ট ম'জ'

শিৱসাগৰ: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেওবাৰে শিৱসাগৰত অনুষ্ঠিত হোৱা কংগ্ৰছৰ এখন বিশাল ৰাজহুৱা সভাত অংশ লয় ৰাহুল গান্ধীয়ে । অসম বচাও শীৰ্ষক ৰাজহুৱা সভাখনত উপস্থিত থাকি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী কংগ্ৰেছ দলৰ চৰকাৰ আহিলে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে | ভাষণৰ আৰম্ভণিতেই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কৰি ৰাহুল গান্ধীয়ে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে থকা তেওৰ বিভিন্ন স্মৃতি ৰোমন্থন কৰে।

নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাহুল গান্ধীয়ে এই সভাত অসমবাসীক উদ্দেশ্যি কয়, “অবৈধ বিদেশীৰ সমস্যাক আলোচনা কৰি সমাধান কৰিব পাৰি। অসম ভাগ ভাগ হ’লে, অসমত হিংসা হ’লে ভাৰতৰ লোকচান হ’ব। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নহ’ব।” কংগ্ৰেছৰ যুৱৰাজ জনে বিজেপিয়ে অসম চুক্তিক ধ্বংস কৰিব বিচাৰিছে বুলি মন্তব্য কৰি অসম চুক্তিক সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখা দায়িত্ব আমাৰ বুলি উল্লেখ কৰে।

শিৱসাগৰত ৰাহুল গান্ধী

ইফালে চাহ শ্ৰমিকৰ মজুৰি সন্দৰ্ভতো মন্তব্য কৰে ৰাহুল গান্ধী। বৰ্তমানৰ ১৬৭ টকাৰ চাহ শ্ৰমিকৰ মজুৰিৰ পৰিৱৰ্তে কংগ্ৰেছ চৰকাৰ আহিলে ৩৬৭ টকা দিয়া হ’ব বুলি জানিবলৈ দিয়ে। ভাষণত বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকা সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মতে,”হাম দৌ,হামাৰে দৌ বাকী চব মৰ লৌ” নীতি অৱলম্বন কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। জয় আই অসমেৰে ভাষণ আৰম্ভ কৰা সভাত প্ৰদেশ কংগ্ৰেছৰ প্ৰায় সকলো বিষয়ববীয়াই অংশ লয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply