গুৱাহাটী-জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ বিজেপি গমনৰ প্রসংগত অৱশেষত মুখ খুলিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই | সভাপতি বৰাৰ মতে ,অজন্তা নেওগৰ দৰে ১০ গৰাকী গ’লেও দলৰ ক্ষতি নহয়। দলে অজন্তা নেওগক বহু দিছে | অজন্তা নেওগক সমালোচনা কৰিবলৈ গৈ সভাপতি বৰাই অজন্তাৰ স্বামী প্ৰয়াত নগেন নেওগৰ আদৰ্শক বিসৰ্জন দিয়া বুলি উল্লেখ কৰি কংগ্রেছক বিশ্বাসঘাতকতা কৰিছে বুলিও কয় সভাপতি ৰিপুন বৰাই |
বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছিল অজন্তা নেওঁগ। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হয় প্ৰাক্তন মন্ত্ৰীগৰাকী। অহা ২৬ ডিচেম্বৰত অসমলৈ আহিব লগা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিতে অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে পুনৰ বিষোদগাৰ প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে সভাপতি সলনি হ’ব বুলি মন্তব্য কৰে বিধায়ক কুৰ্মীয়ে । নতুন এগৰাকী সভাপতিৰ সৈতে নতুন উদ্যমৰে আগবাঢ়ি যোৱাৰ পৰিকল্পনাৰে আমি আগবাঢ়ি আছো বুলি কয় বিধায়ক কুৰ্মীয়ে |