যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

নিউজ ডেস্ক- ৰিয়া চক্ৰৱৰ্তীৰ ভ্ৰাতৃ শৌভিক চক্ৰৱৰ্তীয়ে অৱশেষত লাভ কৰে জামিন। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ সৈতে জড়িত ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ অভিযোগত ৫ছেপ্তেম্বৰত গ্ৰেপ্তাৰ হৈছিল শৌভিক। নাৰ্কটিক্স ক’ন্ট্ৰল ব্য়ুৰয়ে শৌভিকৰ লগতে গ্ৰেপ্তাৰ কৰিছিল কেবাজনকো।

বুধবাৰে মুম্বাইৰ এন ডি পি এছ আদালতে মঞ্জুৰ কৰে শৌভিক চক্ৰৱৰ্তীৰ জামিন। ড্ৰাগছৰ লগত জড়িত থকা গোচৰত এন ডি পি এছ আইনৰ ২৭-এ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল শৌভিক চক্ৰৱৰ্তীক।

অৱশেষত সুদীৰ্ঘ তিনি মাহৰ মূৰত মুম্বাইৰ এন ডি পি এছ আদালতে জামিন আবেদন মঞ্জুৰ কৰে শৌভিকৰ।

উল্লেখ্য় যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰ সন্দৰ্ভত ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা ৰিয়া চক্ৰৱৰ্তীক প্ৰায় এমাহ কাল কাৰাবন্দীৰ জীৱন কটোৱাৰ পাছতে জামিন মঞ্জুৰ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply