নিউজ ডেস্ক– ৰীল লাইফত নহয় ৰিয়েল লাইফত কইনা হ’ল অভিনেত্ৰী বৰষাৰাণী বিষয়া। আজি হোমৰ জুইক সাক্ষী কৰি যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে অভিনেত্ৰী গৰাকীয়ে পাতনি মেলিলে নতুন জীৱনৰ। মাংগলিক ৰীতি-নীতিৰ মাজেৰে মায়ঙৰ গৰঙা মন্দিৰত সম্পন্ন হ’ল বহু প্ৰত্যাশিত বিয়াখন।
ইনষ্টাগ্ৰামযোগে চিনাকি হৈছিল বৰষা আৰু ভাস্কৰ বৰুৱাৰ। প্ৰথমে বন্ধু পিছলৈ প্ৰেমত পৰিণত হোৱা দুয়োৰে সম্পৰ্কই আজি গঢ় ল’লে পতি-পত্নীলৈ।
দুয়ো পৰিয়ালৰ আত্মীয় -কুটুম্ব, বন্ধু-বান্ধৱীৰ উপস্থিতিত হোমক সাক্ষী কৰি অনুৰাগীৰ পৰা অনুৰাগ হৈ পৰা ভাস্কৰ বৰুৱাক বৰমালা পিন্ধালে অভিনেত্ৰী বৰষাৰাণীয়ে।
অভিনেত্ৰী গৰাকীৰ প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দ্বিতীয় বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় বৰষা। এই বিয়াখনত প্ৰথম স্বামীৰ পৰিয়ালৰ লোকো উপস্থিত থাকে।