যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

গুৱাহাটী – নৈশবাছ চালক ৰূপম দত্তৰ “লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে” ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ ৮ কোটিতকৈও অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থমেলাত। দৈনিক গড়ে ৪০ হাজাৰ লোক আহিছে গ্ৰন্থমেলাৰ বাকৰিত।

দেওবাৰে চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ অন্তিম দিন। বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিৱেশ কিছু স্বাভাৱিকলৈ ঘূৰি অহাত অসম প্ৰকাশন পৰিষদৰ উদ্যাগত অনুষ্ঠিত কৰা হৈছে ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা।

এইবাৰ গুৱাহাটী গ্ৰন্থমেলত গ্ৰন্থপ্ৰেমী ৰাইজৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৰূপম দত্ত নামৰ এগৰাকী নৈশবাছ চালকে লিখা গ্ৰন্থখনে। “লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে” নামৰ গ্ৰন্থখনৰ মাধ্যমেৰে ৰূপম দত্তই এগৰাকী নৈশবাছ চালক হিচাপে তেওঁ আহৰণ কৰা অভিজ্ঞতা সমূহ দাঙি ধৰাৰ চেষ্টা কৰিছে। ৰূপম দত্তৰ এই চেষ্টাক ব্যৰ্থ হ’বলৈ নিদিলে গ্ৰন্থপ্ৰেমী ৰাইজে।

ৰাইজে ৰূপম দত্তৰ চেষ্টাক সম্পূৰ্ণ সঁহাৰি জনাই আদৰি ল’লে নৈশবাছ চালক গৰাকীৰ অভিজ্ঞতাক। ৰাইজৰ সঁহাৰিৰ ফলতে এইবাৰ গ্ৰন্থমেলত সবাতোকৈ অধিক বিক্ৰী হোৱা গ্ৰন্থৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হ’ল ৰূপম দত্তৰ “লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে”। ইতিমধ্যে প্ৰকাশ কৰা হৈছে ৰূপম দত্তৰ গ্ৰন্থখনৰ ৮ নং সংস্কৰণ।

৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ সাফল্য সন্দৰ্ভত জানিবলৈ দি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় “আমি ভবাতকৈ অধিক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ গ্ৰন্থপ্ৰেমী ৰাইজৰ। ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে”। ৰূপম দত্তৰ “লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে” সবাতোকৈ অধিক বিক্ৰী হোৱা গ্ৰন্থৰ পৰিবৰ্তে এইবাৰ ৮ কোটিতকৈও অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থমেলাৰ বাকৰিত বুলিও জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

এইবাৰ অসম প্ৰকাশন পৰিষদৰ ১২ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত। ইফালে প্ৰতিদিনে গ্ৰন্থমেলাৰ বাকৰিত গড়ে ৪০ হাজাৰ লোক অহা বুলিও জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত অসমৰ লগতে অন্যান্য ৰাজ্যৰ ১৩০ টা বিপনীয়ে অংশগ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply