ৰূপহীহাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ তিনি পাষণ্ডৰ Credit: ধৰ্ষনকাৰীক ফাঁচীৰ দাবীত উত্তাল

ৰূপহীহাট- দৰিদ্ৰ পৰিয়ালৰ কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিলে এটা পাষন্ডক।ধৰ্ষণ কান্ডত লিপ্ত আন দূটা অভিযুক্ত পলাতক।ৰাইজৰ উপৰ্যুপৰি জেৰাত ধৰ্ষণৰ কথা স্বীকাৰ কৰিলে ধৰ্ষণ কাৰীয়ে।

ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত তেলিয়াচাপৰিৰ পৰা তিনি দুৰ্বৃত্ত‌ই অপহৰণ কৰিছিল কিশোৰী গৰাকীক। পৰিয়ালে বহু বিচাৰ খোচাৰ কৰি জিউমাৰীৰ এডৰা জংঘলৰ পৰা মুৰ্মূষ তথা বস্ত্ৰহীন অৱস্থাত উদ্ধাৰ কৰিলে কিশোৰী গৰাকীক।

কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত ৰাইজে জিউমাৰীৰ আবু বক্কৰ ছিদ্দিক নামৰ চৰিত্ৰহীন লম্পটটোক আটক কৰে।পিছত যুৱক জনে খাইৰুল ইছলাম আৰু বাহাৰুল ইছলামৰ সৈতে মিলি কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰে।

ৰাইজে উত্তম মাধ্যম দি ধৃত আবু বক্কৰক আৰক্ষীক গতাই দিয়ে। ইপিনে স্থানীয় ৰাইজে ধৰ্ষনকাৰী কেইটাক ফাঁচীৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীয়ে আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply