ৰূপহীহাট – ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ড। কথমপি প্ৰাণ ৰক্ষা দুজন লোকৰ। অগ্নিকাণ্ডত দুই লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰিল সমগ্ৰ অঞ্চলটো।
নগাঁও জিলাৰ ৰূপহীহাটত মঙলাবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। পুৱাৰ ভাগত ৰূপহীহাটৰ তামুলীটুপত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে দুজনকৈ লোকৰ।
তামুলীটুপৰ চুলতান আলী নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। চুলতান আলীৰ ৰান্ধনী ঘৰৰ গেছ ছিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডত দুই লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হোৱাৰ লগতে অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰত থকা দুজনকৈ লোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে। স্থানীয় ৰাইজে দাও দাও কৈ জ্বলি থকা চিলিণ্ডাৰটো সমীপৰ পুখুৰীত পেলাই দিয়াৰ ফলত ডাঙৰ অঘটনৰ পৰা ৰক্ষা পৰে অঞ্চলটো।