ৰূপহীহাট – ৰূপহীহাটৰ গড়াজানত ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত সাতখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত প্ৰায় ৬০ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।
নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত গড়াজানত পুৱতি নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভষ্মীভূত হয় নিউ মাৰ্কেট কৰ্ণাৰত থকা সাতখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান। পুৱতি নিশা আনুমানিক তিনি বজাত সংঘটিত হোৱা এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৬০ লক্ষাধিক টকাৰ সম্পত্তি ধ্বংস হয় বুলি অনুমান কৰা হৈছে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপন কৰা হয়। অগ্নিকাণ্ডৰ সূত্ৰপাত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত গড়াজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।