নগাৱৰ জি ডি নাৰ্ছিংহ’ম

নগাঁও: ৰোগীৰ মৃত্যুক লৈ সোমবাৰে নগাঁও জিডি নাৰ্ছিংহ’মত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি পিছত নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে ৷ ঘটনাৰ বিবৰণি মতে, জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাৰ ভুল চিকিৎসা আৰু নাৰ্ছিংহ’ম কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

কেইদিনমান পূৰ্বে এটি দেৱশিশু জন্ম দিয়া মহিলা গৰাকী হঠাৎ অসুস্থ হৈ পৰাত দুদিন পূৰ্বে ততাতৈয়াকৈ ভৰ্তি কৰিছিল জিডি নাৰ্ছিংহ’মত ৷ ICUত চিকিৎসাধীন মহিলা গৰাৰীক পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব বিচাৰিছিল যদিও নাৰ্ছিংহ’ম খনৰ কৰ্তৃপক্ষই ইয়াতে ভাল হ’ব বুলি ভেন্টিলেচ্যনত ৰাখি থয় ৷

কিন্ত সোমবাৰে মহিলা গৰাকী মৃত্যু হোবাত উত্তেজিত হৈ পৰে মহিলাগৰাকী আত্মীয় সকল ৷ মহিলা গৰাকীৰ পৰিয়ালে একমাত্ৰ ধনৰ লালসাতে জিডি নাৰ্ছিংহ’ম কৰ্তৃপক্ষই মহিলাগৰাকীক পৰিকল্পিত ভাবে নগাঁৱত ৰখাৰ লগতে ভুল চিকিৎসাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ তুলি তদন্তৰ দাবী তোলে ৷

মৃত্যু হোৱা ৰোগী গৰাকীৰ আত্মীয়

নাৰ্ছিংহোম খনৰ ফালৰ পৰা মৃত ব্যক্তিগৰাকীৰ পৰিয়ালক সমবেদনা জনোৱাৰ বিপৰীতে ভেন্টিলেচ্যন মানেই মৃত্যু বুলিহে প্ৰকাশ কৰে ৷ এজন মানুহক ভেন্টিলেটৰ লগোৱা মানেই তেওৰ মৃত্যু হোৱা বুলিহে কয়,এইক্ষেত্ৰত ক’ৰবাত কেতিয়াবাহে যুক্তি দিয়ে নাৰ্ছিংহোম খনৰ ফালৰ পৰা ৷

সুধাকণ্ঠ ভুপেন হাজৰিকা আৰু মামনি ৰয়চম গোস্বামী ভেন্টিলেচ্যনত ৰাখিও বচা পৰা নাছিল বুলি নাৰ্ছিংহ’ম কৰ্তৃপক্ষই যুক্তি দাঙি ধৰা কাৰ্যত ক্ষোভিত হৈ পৰে মহিলা গৰাকীৰ আত্মীয় সকল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply