ৰোজভেলীৰ কাৰাৰুদ্ধ মালিক গৌতম কুন্দুৰ পত্নীক শুভ্ৰা কুন্দুক গ্ৰেপ্তাৰ

ৰোজভেলীৰ কাৰাৰুদ্ধ মালিক গৌতম কুন্দুৰ পত্নী শুভ্ৰা কুন্দুক চিবিআইয়ে অবশেষত গ্ৰেপ্তাৰ কৰিছে । ৰোজভেলীৰ অবৈধ ভাবে আৰ্জন কৰা পূজিৰ বৃহৎ অংশ লুকুৱাই ৰখাৰ অভিযোগত ইয়াৰ আগতেও চিবিআইয়ে বহুবাৰ শুভ্ৰা কুন্দুক জেৰা কৰি আছিল |ইয়াৰ মাজতে যোৱা বছৰ শুভ্ৰা কুন্দুৱে অনুসন্ধানকাৰী সংস্থাটোৰ চকুত ধূলি মাৰি অজ্ঞাত স্থানলৈ পলাই গৈছিল ।

ইয়াৰ পাছৰ পৰ্যায়ত শুভ্ৰা কুন্দুৰ সন্ধানত অনুসন্ধান চলাই থকা চিবিআইয়ে শুকুৰবাৰে কলিকতালৈ ঘুৰি অহা শুভ্ৰা কুন্দুক কলকতাৰ চাউথ চিটিৰ ঘৰত প্ৰথমে প্ৰায় চাৰে তিনিঘন্টা জেৰা কৰাৰ পিছত কোনো উত্তৰ লাভ নকৰা বাবে গ্ৰেপ্তাৰ কৰা হয় বুলি অনুসন্ধানকাৰী সংস্থাটোৰ সূত্ৰত প্ৰকাশ ।

শনিবাৰে শুভ্ৰা কুন্দুক ভূৱনেশ্বৰ আদালতত হাজিৰ কৰা হ’ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে আদ্ৰিজা গোল্ডৰ প্ৰাক্তন সঞ্চালক আছিল শুভ্ৰা কুন্দু । সেই সময়তে স্বামী গৌতম কুন্দুৰ চিটফাণ্ড কোম্পানী ৰোজভেলীৰ আৰ্জিত বৃহৎ পৰিমানৰ অবৈধ ধন গোপনে বিদেশলৈ তেওঁ সৰবৰাহ কৰা বুলি চিবিআইয়ে দাবী কৰিছে । চিবিআইৰ উপৰি চলিত বৰ্ষত শুভ্ৰা কুন্দুক ইডিয়েও জেৰা কৰিছিল । অভিনেত্ৰী হিচাবে পৰিচিত শুভ্ৰা কুন্দুৱে স্বামী গৌতম কুন্দু জেললৈ যোৱাৰ পিছত তেওৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল বুলি প্ৰকাশ |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply