ৰৌতা : ৰৌতাত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ানক পথ দুর্ঘটনাত আহত হৈছে এজন যুৱক। তীব্ৰ বেগী বাহন এখনে যুৱকজনৰ বাইকত পিছফালৰ পৰা খুন্দা মাৰিছিল। আহত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ।
শনিবাৰে ৰৌতাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক গুৰুত্বৰভাৱে আহত হয়। ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। অহাত যুৱকজন ওৰাঙৰ ৰৌমাৰীৰ দেৱা বসুমতাৰী বুলি জানিব পৰা গৈছে।
যুৱকজন এএছ-২৭-বি-০১২৪ নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাত যুৱকজনৰ বাইকত পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে এখন তীব্ৰ বেগী টাটা ডি আই বাহনে। ফলত যুৱকজন পথৰ ওপৰত বাগৰি পৰি মূৰত আৰু ভৰিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।
লগতে পঢ়ক – অব্যাহত গৰুৰ চোৰাং সৰবৰাহঃ লখিমপুৰত ৬টা গৰুসহ আটক দুটা সৰবৰাহকাৰীক
ইগালে দুর্ঘটনা সংঘটিত কৰি টাটা ডি আই বাহনখন দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীৰ লোক দুর্ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক ৰৌতা মডেল হাস্পতালত ভৰ্তি কৰে। আঘাত গুৰুত্বৰ হোৱা বাবে যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।