গুৱাহাটী– শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত উত্তৰ-পূৰ্বাঞ্চল সংখ্য়ালঘু ছাত্ৰ সন্থা (নেমছু)য়ে এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত জালুকবাৰীত নিৰ্মাণ হোৱা হজ ভৱন আনুষ্ঠানিক ভাৱে আজি পৰ্যন্ত নিৰ্মাণ নোহোৱা সন্দৰ্ভত দুখ প্ৰকাশ কৰে নেমছুয়ে।
চৰকাৰী ধন খৰছ কৰি স্থায়ী হজ ভৱন নিৰ্মাণ কৰি হাজীসকলক মুছাফিৰ খানাত ৰাখি তাৰ পৰা হজলৈ কিয় পঠোৱা হয় পঠোৱা হয় বুলি প্ৰশ্নৰ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে। ভাৰতৰ অন্য়ান্য় যাত্ৰীসকলৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলৰ ভাড়া বহুগুণে বেছি। মুছাফিৰ খানাত হজযাত্ৰীক যোগান ধৰা খাদ্য়ৰ নামত একাংশই ছিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন কৰে নেমছুৱে।
ৱাকফ্ বৰ্ডৰ নামত অসমৰ সা-সম্পত্তিলৈ একাংশই ব্য়ৱসায়-বাণিজ্য় আৰু ছিণ্ডিকেট চলাই আছে বুলিও নেমছুৱে অভিযোগ কৰিছে। অসমত ১৫ হাজাৰ ৮০০ বিঘা ২কঠা ১৩ লেছা মাটি , ১৯৭টা অট্টালিকা, বৰাকভেলীত ২খন চাহ বাগান ৱাকফ্ বৰ্ডৰ নামত আছে। বেছিভাগ ৱাকফ্ ব’ৰ্ডৰ সা-সম্পত্তি অপব্য়ৱহাৰ হোৱাৰ কথা সদৰী কৰি মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৱাকফ্ ব’ৰ্ডৰ সা-সম্পত্তি, মাটি বেদখলমুক্ত কৰিবলৈ আহ্বান জনায়।
আজিৰ সংবাদমেল খনত উপস্থিত থাকে ‘নেমছু’ৰ মুখ্য় সাংগঠনিক সম্পাদক ছাইদুল ইছলাম, সহঃ সম্পাদক আমিৰ ইছলামৰ লগতে কেন্দ্ৰীয় সদস্য় আতিকুৰ ৰহমান উপস্থিত থাকে।