GOURAV GOGOI MERAPANI VISIT

মেৰাপানী:- কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগ বিজেপিমুখী হোৱাৰ খবৰ ওলোৱাৰ লগে লগে গোলাঘাট জিলা কংগ্ৰেছত এতিয়া ধুমুহা বলিছে | দলীয় কৰ্মীসকলৰ মাজতো অজন্তা নেওগ বিৰোধী ঢ়ৌ আৰম্ভ হৈছে যদিও দলীয় নেতৃত্বই সমষ্টিটোত যাতে কংগ্ৰেছৰ দূৰ্গ অক্ষুণ্ণ থাকে তাৰ বাবে অভিযান আৰম্ভ কৰিছে | ২০২১ ৰ নিৰ্বাচনত অজন্তা নেওগক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু কংগ্ৰেছকৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে দেওবাৰে মেৰাপানীলৈ আহে সাংসদ গৌৰৱ গগৈ আৰু ৰানী নৰহ ।

এতিয়াও অজন্তা নেওগে দল এৰা নাই অথবা বিজেপিলৈ যোৱাৰ কথা প্ৰকাশ কৰা নাই যদিও তেওৰ অবিহনেই ২০২১ ৰ নিৰ্বাচন বাবে দলীয় কৰ্মীসকলক সাজু হ’বলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে | তৰুণ গগৈৰ সদভাৱনা যাত্ৰাৰ অংশ হিচাবে গমাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ সাংসদ গৌৰব গগৈয়ে অজন্তা নেওগৰ প্ৰসঙ্গত কয়, “কংগ্ৰেছৰ ঘৰত থাকি ৰাজনীতি শিকা অজন্তা নেওগে নিজৰ ঘৰলৈ ঘুৰি আহক । অন্যথা তেওঁৰ অবিহনেও কংগ্ৰেছ দল শক্তিশালী হৈ থাকিব বুলি মন্তব্য কৰি কংগ্ৰেছে কেতিয়াও ধন বল, বাহু বলত ভীতিগ্ৰস্ত নহয় | অজন্তা নেওগ দলৰ পৰা আতৰি গলে দলত প্ৰভাব পৰিব | অবশ্যে এই প্ৰভাব স্থায়ী নহয়, বিকল্প পথ ওলাব | কংগ্ৰেছৰ এই বিশাল ঘৰ খনত এনে ঘটনা মাজে মাজে হৈয়েই থাকে কিন্তু ই স্থায়ী ভাবে প্ৰভাব বিস্তাৰ কৰিব নোৱাৰে |” অসম কংগ্ৰেছত বৰ্তমান নেতৃত্ব সলনি বিষয়টো ওলাই থকা সম্পৰ্কে গৌৰব গগৈয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকে |

আনহাতে, মেৰাপানীৰ গমাৰিগুৰি মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলে সাংসদ গৌৰৱ গগৈকেই ২০২১ ৰ নিৰ্বাচনৰ বাবে আমন্ত্ৰণ জনোৱা বুলি উল্লেখ কৰি অজন্তা নেওগে সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলক প্ৰতাৰণা কৰি স্বামী তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত নগেন নেওগক পুনৰবাৰ হত্যা কৰিলে বুলি মন্তব্য কৰে । ২০২১ ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ বাবে অজন্তা নেওগ কোনো ফেক্টৰেই নহয় বুলি উল্লেখ কৰি নিৰ্বাচনত অজন্তাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply