মৰিয়নী – প্ৰতি তিনি চাৰি মাহৰ অন্তৰে অন্তৰে অসমৰ বিভিন্ন প্ৰান্তত চলি থকা গণপ্ৰহাৰৰ ঘটনাই সংবাদ শিৰোনম দখল কৰি আহিছে। দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ চৰ্চা মাৰ নৌযাওঁতেই কালি পুনৰ আন এক গণ প্ৰহাৰৰ ঘটনা সমূখলৈ আহিছে। ঠাই একেই মৰিয়নী।

কালি মৰিয়নীৰ কঠালগুৰি চাহ বাগিচাৰ ধোদৰ আলিত বিয়লি সংঘটিত এক দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মৰিয়নীৰ দিশৰ পৰা অহা AS–04-W-9010 নম্বৰৰ মটৰচাইকেলখনে এজন পথচাৰীক খুন্দিয়াই আহত কৰাৰ পাছতে একাংশ উত্তেজিত ৰাইজে মটৰ চাইকেল আৰোহী যুৱক দুজনক প্ৰহাৰ কৰে।

দুৰ্ঘটনাত মটৰচাইকেল আৰোহী দুগৰাকী পথৰ কাষত চিটিকি পৰা পাছতে আহত যুৱক দুজনৰ ওপৰত জপিয়াই পৰে স্থানীয় একাংশ লোক। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে যদিও আহত ব্যক্তি কেইগৰাকীক উদ্ধাৰ কৰাৰ বিপৰীতে মটৰচাইকেল আৰোহী দুগৰাকীক উত্তেজিত একাংশ লোকে নিৰ্মম ভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে। অৱশ্যে কিছুসময় পিছত মৰিয়নী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত আহত তিনিও গৰাকী লোকক উদ্ধাৰ কৰি মৰিয়নীৰ প্ৰাথমিক চিকিৎসাললৈ প্ৰেৰণ কৰে৷ দুৰ্ঘটনাত আহত তিনিও জন ব্যক্তি কঠাল গুৰি বাগিচাৰ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply