কভিড ভেকচিনৰ 'ড্ৰাই ৰান'

নিউজ ডেস্ক- কৰোণা মহামাৰী সম্পূৰ্ণভাৱে নিৰ্মূল হবলৈ ভাৰতে সম্পূৰ্ণৰূপে প্ৰস্তুতি আৰম্ভ কৰিছে। ভেকচিনকলৈ ইতিমধ্য়ে প্ৰস্তুতি তীব্ৰগতিত চলি আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতৰ অসম, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, পঞ্জাৱত অহা ২৮ আৰু ২৯ ডিচেম্বৰত কভিড ভেকচিনৰ ‘ড্ৰাই ৰাণ’ আয়োজন কৰিছে।

কোভিড ভেকচিন দিয়াৰ আগতে ‘ড্ৰাই ৰাণ’ এই কাৰণে কৰা হ’ব যাতে এই ক্ষেত্ৰত কিবা যদি আসোঁৱাহ থাকে ‘ড্ৰাই ৰাণ ‘তে সকলো ধৰা পৰিব। ইয়াৰ দ্বাৰা নিৰীক্ষণ আৰু সমীক্ষা তথা মতামত গ্ৰহণ কৰা হ’ব লগতে ৰাজ্য আৰু কেন্দ্ৰলৈ সেই মতামত প্ৰেৰণ কৰা হ’ব।

অহা সপ্তাহৰ পৰা অসমত আৰম্ভ হ’ব কভিড ভেকচিনৰ ড্ৰাই ৰান। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰি কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি মূল্যায়ন কৰাৰ বাবে ২৮ আৰু ২৯ ডিচেম্বৰত অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাৰ লগতে আন চাৰিখন ৰাজ্যত কৰ’ণা ভাইৰাছৰ টিকাকৰণৰ ড্ৰাই ৰান হ’ব।

ইতিমধ্যে,সমগ্ৰ দেশত বিভিন্ন শ্ৰেণীৰ ভেকচিন হেণ্ডলাৰ আৰু প্ৰশাসনৰ ২৩৬০ লোকক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে জানুৱাৰীত টিকাকৰণ “যিকোনো সপ্তাহ” আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। চৰকাৰে ইতিমধ্যে স্বাস্থ্য সেৱা কৰ্মী আৰু বৃদ্ধ লোকসহ ৩০ কোটি লোকক চিনাক্ত কৰিছে, যি সকলে প্ৰথম পৰ্যায়ত এই টীকাকৰণ লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply