ভৰালীজুলিত সন্ধানহীন অসমৰ ব্য়ক্তি

বিশ্বনাথ চাৰিআলি– বহিঃ ৰাজ্যত কৰ্মৰ প্ৰলোভনেৰে বিভিন্ন সময়ত বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা একাংশ দৰিদ্ৰ লোকক নি বিক্ৰি কৰি অহাৰ অভিযোগ বহু পুৰণি | শেহতীয়াকৈ, পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। বিহালী বিধানসভা সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহালী বস্তিৰ প্ৰায় ৫৩ বছৰীয়া জিতেন চবৰে কামৰ বাবে যোৱাৰ পিছত যোৱা ডেৰমাহে কোনো খবৰ নোপোৱাৰ অভিযোগ।

একে গাওঁৰে হুছেইন খাঁ নামৰ ব্যক্তি জনে অসম অৰুণাচল সীমান্তৱৰ্তী ভৰালীজুলিত কামৰ প্ৰলোভনেৰে নিছিল বুলি পৰিয়ালে অভিযোগ কৰিছে। জিনজিয়া আৰক্ষী থানাত প্ৰায় এমাহ পূৰ্বে পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে বৰ্তমান লৈকে কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই।

অন্যহাতে পৰিয়ালৰ লোকসকলে হুছেইন খাঁৰ সৈতে যোগাযোগ কৰাত তেওঁ ব্যক্তি গৰাকী বহুদিন পূৰ্বেই কৰ্মস্থলীৰ পৰা গুচি অহা বুলি জানিবলৈ দিছে। ফলত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। একমাত্ৰ উপাৰ্জনকাৰী পিতৃৰ অতি সোনকালে সন্ধান উলিয়াবলৈ আহ্বান জনাইছে বিশ্বনাথ জিলা প্ৰশাসনক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply