অসম আৰক্ষীৰ বিৰুদ্ধে বৃদ্ধি পাইছে গোচৰৰ সংখ্যা Credit: প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: ৰক্ষকেই এতি ভক্ষক ! যাৰ হাতত প্ৰশাসনৰ বাঘজৰী ডাল আছে তাৰ বিৰুদ্ধেই উঠিছে আইন ভংগৰ অভিযোগ | দিনক দিনে বৃদ্ধি পাইছে তেনে অভিযোগৰ সংখ্যা | একাংশ আৰক্ষী আইনবিৰুদ্ধ কার্যকলাপত জড়িত হৈ পৰাৰ গুৰুতৰ তথ্য উন্মোচিত হৈছে অসম আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ প্রতিবেদনত৷ বৃহস্পতিবাৰে অসম বিধানসভাত দাখিল কৰা ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ ২০১৯ বর্ষৰ প্রতিবেদন অনুসৰি ২০১৯ বর্ষত আৰক্ষীৰ বিৰুদ্ধে ৩৮৫টা গোচৰ ৰুজু হয়৷ ২০১৯ বর্ষৰ আৰম্ভণিতে আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ৩২৫টা৷ সেই অনুসৰি অসম আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ মুঠ সংখ্যা হৈছে ৭১০টা৷ ২০১৯ বর্ষলৈ নিষ্পত্তি হোৱা গোচৰৰ সংখ্যা ৩৩২টা৷ সেই অনুসৰি ৩৭৮টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছিল৷

প্রতিবেদনত উল্লেখ কৰা অনুসৰি ৰুজু হোৱা ৩৮৫টা গোচৰৰ ভিতৰত ৫৫টা অভিযোগ পূর্বৰ বছৰতেই দাখিল কৰা হৈছিল যদিও সেই বছৰটোত গোচৰ ৰুজু হোৱা নাছিল৷

তাৰ ভিতৰত ১৩টা গোচৰ অসম আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা৷ ৰুজু হোৱা গোচৰসমূহৰ ভিতৰত দুটা নির্মমভাৱে প্রহাৰ, এটা যৌন নির্যাতন–ধর্ষণ, তিনিটা আইন বহির্ভূতভাৱে গ্রেপ্তাৰ–আটক, এটা সম্পত্তি বেদখল, ২১টা ব্লেকমেইলিং, ২৭টা এজাহাৰ পঞ্জীয়ন নকৰা, ১৪৮টা তদন্তত বিলম্ব তথা আৰক্ষীৰ নিষ্ক্রিয়তা প্রদর্শন, ৩০টা হাৰাশাস্তি–আতিশয্য–ভ্, ৩২টা ক্ষমতাৰ অপব্যৱহাৰ আদিৰ দৰে গুৰুতৰ অভিযোগ৷

আয়োগৰ প্রতিবেদন অনুসৰি আয়োগে দোষী সাব্যস্ত কৰা আৰক্ষীৰ লোকসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্রহণৰ ক্ষেত্রতো অসম আৰক্ষীয়ে যথেষ্ট বিলম্ব তথা হেমাহি প্রদর্শন কৰি আহিছে৷ ২০১১ চনৰ পৰা ২০১৯ চনলৈ ৪৯৩গৰাকীকৈ দোষী আৰক্ষীৰ লোকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ ইয়াৰ ভিতৰত অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ ৪৯গৰাকী, গুৱাহাটী আৰক্ষী আয়ুক্তৰ ৯২গৰাকী, কাছাৰৰ ৩৫গৰাকী, হোজাইৰ ১৯গৰাকী, যোৰহাটৰ ২১গৰাকী, ধুবুৰীৰ ১৭গৰাকী, লখিমপুৰৰ ১৫গৰাকী, কোকৰাঝাৰৰ ১৯গৰাকী, চতুর্থ অসম আৰক্ষী বেটেলিয়নৰ ১৭গৰাকীকৈ লোক আছে৷ আইনৰ ৰক্ষকৰ এনে ধৰনৰ অপৰাধমূলক কাৰ্যত জড়িত হোৱা ঘটনা বৃদ্ধি পাবলৈ ধৰা কাৰ্যই সুশাসনৰ ক্ষেত্ৰতো প্ৰশ্ন তুলিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply