গুৱাহাটী – অসম-মিজোৰাম সীমান্ত বিবাদৰ আলোচনাৰ বাবে আজি কৰিমগঞ্জত উপস্থিত হয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা) জি পি সিং৷

কৰিমগঞ্জৰ আৱৰ্ত ভৱনত জিলা উপাযুক্ত আনবামুথান এম পিৰ সৈতে আলোচনাত মিলিত হয় জি পি সিং।

ইফালে কাছাৰ জিলাৰ উপৰিও কৰিমগঞ্জৰ মেদলী ছৰা, ভূবিৰবন্দ এলেকাৰ অসমৰ প্ৰায় তিনি কিলোমিটাৰ মাটি নতুনকৈ দখল কৰি লয় মিজোৰামে ।

কৰিমগঞ্জ জিলা প্ৰশাসনে মিজোয়ে দখল কৰা এটা ঘৰ উচ্ছেদ কৰি পৰৱৰ্তী সময়ত সেই ঘৰ পুনৰ দখলৰ লগতে কে’বা শতাধিক বিঘা মাটি নতুনকৈ দখল কৰি লয়৷ আনহাতে সেই ভূমি সম্প্ৰতি মিজোৰ দখলত। উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাৰ কিমান মাটি মিজোয়ে দখল কৰি ৰাখিছে সেই সন্দৰ্ভত কৰিমগঞ্জৰ আৱৰ্ত ভৱনত আলোচনাত মিলিত হয় আইন শৃংখলাৰ অতিৰিক্ত মহানিৰ্দেশক জি পি সিং ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply