ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বলিউড অভিনেত্ৰী কংগনা ৰাণাউতৰ প্ৰতিক্ৰিয়া ।টুইটাৰত নিজৰ এটা ভিডিঅ’ যোগে মহাৰাষ্ট্ৰ চৰকাৰক কটাক্ষ কৰি নিজৰ বক্তব্য প্ৰকাশ কৰে কংগনা ৰাণাউতে । কংগনাই কয়, ‘মুক্ত ভাষণ মহান ‘।অতীততে তেওঁলোকৰ মুক্ত কণ্ঠৰ বাবে ফাঁচী কাঁঠত ওলমোৱা হৈছিল।

ভিডিঅ’টোত কংগনাক এখন গাড়ীৰ ভিতৰত দেখা গৈছে।কংগনাই মহাৰাষ্ট্ৰ চৰকাৰক উল্লেখ কৰি কয় ,’ মই মহাৰাষ্ট্ৰ চৰকাৰক সুধিব বিচাৰিছো ,তেওঁলোকে অৰ্ণৱ গোস্বামীৰ ঘৰৰ ভিতৰত কিয় প্ৰৱেশ কৰিলে? তেওঁক মাৰপিত কৰি ,চুলিত ধৰি কিয় আটক কৰিলে?কিমানৰ কণ্ঠ আপোনালোকে ৰুদ্ধ কৰিব পাৰিব ?কিমানৰ চুলি আজুৰি আপোনালোকে তেওঁলোকৰ কণ্ঠ স্তব্ধ কৰিব পাৰিব ?ছোনিয়া সেনা আপুনি কিমানৰ মুখ বন্ধ কৰাৰ পণ লৈছে ?এই কণ্ঠ দিনে দিনে বাঢ়ি যাব ।এইটো বিচাৰ্য‍্যৰ বিষয় নহয়। ইয়াৰ আগতে বহু শ্বহীদৰ মুক্ত কন্ঠৰ বাবেই ফাঁচী দিয়া হৈছিল।আপুনি মনে মনে থাকিব, আন কাৰোবাৰ কণ্ঠ গুঞ্জৰিত হ’ব ।

ইফালে কংগনাই ৰিপাব্লিক টিভিৰ এটা টুইটৰ মন্তব্যত লিখে , ‘পেংগুইন বোৰৰ খং কিয় ইমান ?ছোনিয়া সেনাৰ ইমান খং কিয় উঠে ?অৰ্ণৱ ছাৰ ,তেওঁলোকক চুলি আজুৰিবলৈ দিয়ক ।আমাৰ বাক স্বাধীনতাৰ বাবে আক্ৰমণ কৰিবলৈ দিয়ক ।ফাঁচী দিয়াৰ পূৰ্বে তেওঁলোকৰ মুখত হাঁহি বিৰিঙিবলৈ দিয়ক ।’

উল্লেখ্য যে ৫৩ বছৰীয়া এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু তেওঁৰ মাতৃয়ে আত্মহত্যা কৰাৰ গোচৰ সন্দৰ্ভত বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply