বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ওডালগুৰি- আজি পুৱাৰে পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিটিচিৰ মুঠ ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২১টা সমষ্টিত আজি ভোটগ্ৰহণ আৰম্ভ হৈছে । ওদালগুৰি জিলাৰ ১০টা সমষ্টি আৰু বাক্সা জিলাৰ ১১টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ ১৩,৬৪,৩২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থী সকলৰ ভাগ্য। আটাইকেইটা সমষ্টিৰ ভিতৰত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১৭৩৯ টা। বাক্সা জিলাৰ এঘাৰটা পৰিষদীয় সমষ্টিৰ ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭,৪১,৯১৯ গৰাকী ভোটাৰে৷ ইয়াৰ ভিতৰত মুছলপুৰত ২০ গৰাকী, তামুলপুৰত ৩৪ গৰাকী, শালবাৰীত ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জিলাখনৰ মুঠ ভোটকেন্দ্ৰ ৯৩২টা৷ ২৬৮টা কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। ৩৪২টা সমষ্টিক চিহ্নিত কৰা হৈছে অতি স্পৰ্শকাতৰ হিচাপে।

আনহাতে ওদালগুৰি জিলাৰ দুটা মহকুমাৰ মুঠ ১০টা পৰিষদীয় সমষ্টিত পুৱাৰে পৰা অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ ভিতৰত ভেৰগাঁও মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিত আছে মুঠ ২,৯৮,৭০৫গৰাকী ভোটাৰ।আনহাতে, ওদালগুৰি মহকুমাৰ ৫টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,২৩৭০৩গৰাকী। ওদালগুৰি জিলাত মুঠ ৬২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জিলাখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৮০৭টা। মুঠ ভোটাৰ ৬,২২,৪০৮ গৰাকী। পৰিষদীয় নিৰ্বাচন এইবাৰো বেল’ট পেপাৰৰ জৰিয়তে হৈছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply