গুৱাহাটী – ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে উন্মোচিত হৈছে আন এক কেলেংকাৰী। গ্ৰেপ্তাৰ হৈছে আন এক বিজেপি কৰ্মী। অসম আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰিৰ তাৎক্ষণিকভাৱে তদন্তৰ পিছত এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰিৰ উন্মোচন কৰিবলৈ নামি পৰিছে ৰাজ্যৰ গৃহ বিভাগ।

উল্লেখ্য যে প্ৰায় দুবছৰ পূৰ্বে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল। এই প্ৰক্ৰিয়াত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ মাজতে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে এগৰাকী বিজেপি কৰ্মী ৰাজীৱ পৰাশৰক অসম আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ অনিল প্লাজাৰ পৰা ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰে। বিজেপি কৰ্মী ৰাজীৱ পৰাশৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰিত পোনপোটীয়াকৈ জড়িত থকাৰ অভিযোগ উঠিছিল।

আৰক্ষীৰ অপৰাধ শাখাই ৰাজীৱ পৰাশৰৰ ছয়মাইলস্থিত বাসগৃহতো অভিযান চলাই বহুতো নথি-পত্ৰ, লেপটপ আদি জব্দ কৰে।

পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ এই নিযুক্তিত বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈছিল আৰু মন্ত্ৰীগৰাকীৰ অঙহী-বঙহীয়ে চাকৰি লাভ কৰাৰ বাতৰি প্ৰকাশ পাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply