ইন্দেশ্বৰ পেগু আৰু নমিতা ভট্টাচাৰ্যলৈ এই বছৰৰ শিল্পী বঁটা

নিউজ ডেক্স: বিশিষ্ট সংগীত শিল্পী ইন্দেশ্বৰ পেগু আৰু নমিতা ভট্টাচাৰ্যক ২০২১ বৰ্ষৰ শিল্পী বঁটাৰ বাবে মনোনীত কৰিছে | অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন সহযোগত গোলাঘাটত হ’ব লগা অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব |

১৯৫১ চনত জন্মগ্ৰহন কৰা ইন্দেশ্বৰ পেগুৱে ১৯৭৮ চনতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মিচিং গীতৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰাৰ পিছৰে পৰা অভিনয়, চিত্ৰনাট্য ৰচনাৰ আদিৰ সৈতেও জড়িত আছে | ইয়াৰ উপৰিও মিচিং ভাষা আৰু সংস্কৃতিৰ সৈতে চিনাকী হ’ব পৰাকৈ বহু কেইখন গ্ৰন্থ পুথিও লিখি উলিয়াইছে |

আনহাতে ১৯৫৭ চনত জন্মগ্ৰহন কৰা কন্ঠশিল্পী নমিতা ভট্টাচাৰ্যৰ কন্ঠত বহু শ্ৰুতিমধুৰ আধুনিক, লোকগীত আৰু শাস্ত্ৰীয় গীত বিগত চাৰিদশক ধৰি আকাশবাণী, দূৰদৰ্শন তথা আন মাধ্যমৰ দ্বাৰা প্ৰচাৰ হৈ আহিছে | অসমীয়া চিনেমা জগতৰ নেপথ্য গায়িকাসকলৰ মাজৰ এগৰাকী সফল আৰু জনপ্ৰিয় কন্ঠশিল্পী ৰূপে পৰিচিত নমিতা ভট্টাচাৰ্য | এল পি ৰেকৰ্ড, শ্ৰব্য কেছেট, চিডিৰ গীততো কন্ঠদান কৰি অহা নমিতা ভট্টাচাৰ্যই আজিও দৰ্শকক মোহিত কৰি আহিছে | অসম চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰতি বছৰে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ দুই লাখ টকা,এখন প্ৰশস্তি পত্ৰ, আৰু এখন অংগবস্ত্ৰ প্ৰদান কৰিব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply