উত্তৰাখণ্ডৰ জলপ্ৰলয়ত অসমৰ একে পৰিয়ালৰ তিনিজন সন্ধানহীন

প্ৰশান্ত ৰাজবংশী,কামপুৰ: উত্তৰাখণ্ডত দেওবাৰে হোৱা জলপ্ৰলয়ৰ ঘটনাত নিখোজ অসমৰ একে পৰিয়ালৰ তিনি যুৱক। আৰ্থিক দৈন্যতাৰ বাবে কৰ্মসংস্থাপন বিচাৰি গৈ সন্ধানহীন হোৱা যুৱক দুজনৰ ঘৰ নগাঁও জিলাৰ কামপুৰ উত্তৰ চাংচকী দাস গাঁৱৰ আৰু আনজনৰ ঘৰ হোজাই জিলাৰ কাকী ডেৰাপথাৰত যদিও তিনিও সম্পৰ্কীয়।

দুয়োটা পৰিয়ালত বৰ্তমান কান্দোনৰ ৰোল ৷ উত্তৰাখণ্ডত জলপ্ৰলয়ৰ ঘটনাত সন্ধানহীন হোৱা অসমৰ তিনি যুৱকৰ দ্বিতীয় দিনাও কোনো সন্ধান নাই। দেওবাৰেই নগাঁও জিলাৰ কামপুৰ উত্তৰ চাংচকীৰ একে ঘৰৰে কমলজ্যোতি দাস আৰু অমৰ দাস নিৰুদ্বেশ হোৱাৰ খবৰ পাইছিল পৰিয়ালৰ লোকে ।

শেহতীয়াকৈ জানিব পৰা মতে উক্ত ঘটনাত সন্ধানহীন হোৱা আনজন লোক হৈছে হোজাই জিলাৰ কাকী ডেৰাপথাৰৰ সুশান্ত ডালু | সুশান্ত সম্পৰ্কত কমল দাসৰ খুলখালীয়েক ।

হোজাইৰ কাকী ডেৰাপথাৰৰ সুশান্ত ডালুৰ আত্মীয়

সন্ধানহীন যুৱককেইজনৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ লোৱা নাই চৰকাৰ আৰু জনপ্ৰতিনিধিয়ে। আৰ্থিক অসুবিধাৰ বাবে উত্তৰাখণ্ডলৈও যাব পৰা নাই যুৱককেইজনৰ পৰিয়ালৰ লোক।

ফোনযোগেহে যোগাযোগ অব্যাহত ৰাখিছে সচেতন চুবুৰীয়াই। পিতৃহাৰা দুই যুৱকৰ অকলশৰীয়া মাতৃ শোকত ম্ৰিয়মান। ইফালে হোজাই জিলাৰ কাকী ডেৰাপথাৰৰ অজিত ডালুৰ জীয়াৰীয়ে স্বামী, ভায়েক আৰু দেওৰেকৰ খবৰ পাই কান্দি কান্দি অসুস্থহৈ পৰিছে। দূৰ্ভগীয়া পৰিয়ালটো গৃহত বৰ্তমান কান্দোনৰ ৰোল ।

দুখত ভাঙি পৰা কামপুৰৰ চংচকী গাৱৰ কমল আৰু অমৰ দাসৰ পৰিয়াল

দেওবাৰে পুৱাৰে পৰা যুৱককেইজনৰ লগত যোগাযোগ নাই পৰিয়ালটোৰ । উল্লেখযোগ্য যে ঘটনাৰ সময়ত অসমৰ চাৰিজন যুৱক আছিল। ঘটনা সংঘটিত হোৱা কিছুসময়ৰ আগত গুৱাহাটীৰ আনজন যুৱক ওলাই যোৱাৰ বাবে যুৱকজন ৰক্ষা পৰে। যুৱকজনৰ লগতেই বৰ্তমান যোগাযোগ অৱ্যাহত ৰাখিছে সন্ধানহীন যুৱকৰ পৰিয়ালটোৱে। যুৱকজনৰ মতে ঘটনাৰ সময়ত অসমৰ সন্ধানহীন তিনি যুৱকৰ লগত ২১ জন লোক এটা বিল্ডিঙতে আছিল আৰু জলপ্ৰলয়ত বিল্ডিঙটো নিঃচিন্ন হৈছিল। বৰ্তমানলৈকে এজনৰো সন্ধান পোৱা নাই।

উত্তৰ চংচকী গাৱৰ গাওবুঢ়াই জনোৱা মতে, ঘটনাৰ কিছুসময়ৰ আগতে ঘটনাস্থলীৰ পৰা আতৰি অহা কামৰূপৰ বাইহাটাৰ বিপুল দাস নামৰ যুবক জনৰ সৈতে যোগাযোগ কৰি লাভ কৰা তথ্য মতে তেওলোক থকা ঘৰটো সম্পূৰ্ণ ৰূপে উটি যায় | এতিয়ালৈকে কোনো শুসুত্ৰ নাই তাত থকা লোক সকলৰ | সেই ঘৰটোত সেই সময়ত অসমৰ বৰ্তমান সন্ধানহীন হৈ থকা যুবক তিনিজনো আছিল |

উদ্ধাৰ অভিযানত আই টি বি টিৰ জোৱান

উত্তৰাখন্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে প্ৰকাশ কৰা মতে ১৯ টা মৃতদেহ উদ্ধাৰ হৈছে এতিয়ালৈকে | ঘটনাৰ সময়ত প্ৰথমটো টানেলত ৩২ জন আৰু দ্বিতীয়টো টানেলত ১২১ জন লোক আছিল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply