North east festival 2020

গুৱাহাটী-গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে অষ্টম বাৰ্ষিক উত্তৰ পূব মহোৎসৱ | ক’ভিডৰ পৰিপ্ৰেক্ষিতত অতি সীমিত সংখ্যক ব্যক্তিৰ উপস্থিতি আয়োজন কৰা মহোৎসৱখনৰ প্ৰতিটো অনুষ্ঠানেই অনলাইন মাধ্যমেৰে প্ৰদৰ্শন কৰাৰ ব্যবস্থা কৰিছে আয়োজকে |

আজি পুৱা মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ , অসমৰ দুই মন্ত্ৰী অতুল বৰা , চন্দ্ৰ মোহন পাটোৱাৰী ,ত্ৰিপুৰাৰ পৰ্যটন মন্ত্ৰী বি এছ পান্থা, ভাৰত চৰকাৰৰ বিদেশ সচিব হৰ্ষ বৰ্ধন ছিংগলা, অসমৰ মুখ্য সচিব ,আৰক্ষী সঞ্চালক সহ বহুজন গণ্যমান্য ব্যক্তিয়ে অংশ লয় | বক্তাসকলে উত্তৰ পূবৰ উন্নয়নৰ দিশত আগবঢ়াৰ ফলত দেশৰ লগতে বিদেশৰ লোকৰ মাজতো অঞ্চলটোৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি উল্লেখ কৰে | এই অনুষ্ঠানত অনলাইন যোগে অংশ লয় ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে অনলাইন যোগে অংশ লয় |

উদ্ধোধনী অনুষ্ঠানৰ পিছতে আয়োজন কৰা ‘আইডিয়েচন কনক্লেভ’ শীৰ্ষক এক আলোচনা চক্ৰত অঞ্চলটোৰ যুৱ প্ৰতিভা সকলৰ সৈতে মত বিনিময় এক কাৰ্যসূচী অনুষ্ঠিত হয় | সাংবাদিক ৱাছবীৰ হুছেইনে আঁতধৰা অনুষ্ঠানত ৰিণিকী ভূঞা শৰ্মা, ববিতা বৰুৱা, লক্ষ্য কোঁৱৰ , আমষ্ট্ৰং পামে আদিয়ে অংশ লয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply