বৰপেটা – বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক উৎকোচ দিবলৈ আহি কালি গ্ৰেপ্তাৰ হয় এগৰাকী কনিষ্ঠ অভিযন্তা। বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদে কালি উৎকোচ দিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয়। উল্লেখ্য যে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক ৯০ হেজাৰ টকাৰ উৎকোচ দিবলৈ লওঁতেই অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আৰক্ষীৰ হাতত গতাই দিয়ে কনিষ্ঠ অভিযন্তাগৰাকীক ৷
তথ্য অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলত সংঘটিত কোটি টকীয়া অনাময় শৌচালয় কেলেংকাৰীৰ তদন্তকাৰী বিষয়া হিচাপে নিয়োজিত আছিল অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক ৷ বৰপেটাৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে কেলেংকাৰীৰ তদন্ত কৰি আছিল অতিৰিক্ত উপায়ুক্ত পাঠকে ৷ আনহাতে, কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিনকে ধৰি একাংশ এন জি অ’ আৰু বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল ৷
কেলেংকাৰীত দোষী সাব্যস্ত হোৱাৰ ভয়তে তদন্তকাৰী বিষয়াক ‘মেনেজ’ কৰাৰ চেষ্টা চলাইছিল কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিনে ৷ আজি তদন্তকাৰী বিষয়াক কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি উৎকোচ দিবলৈ চেষ্টা চলাওঁতেই হাতেলোতে কৰায়ত্ত কৰে নাছিৰুদ্দিনক ৷ অতিৰিক্ত উপায়ুক্ত তথা তদন্তকাৰী বিষয়া নৱজিৎ পাঠকৰ নিৰ্দেশ আৰু অভিযোগৰ ভিত্তিত নাছিৰুদ্দিনক আটক কৰা হয় ৷ সম্প্ৰতি বৰপেটা সদৰ থানাত নাছিৰুদ্দিনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।