বঙাইগাঁও- নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি বঙাইগাঁও জিলা সমিতিয়ে বুধবাৰে পালন কৰিলে অনশন কাৰ্য্যসুচী ।
মনোমোহা প্ৰাকৃতিক পৰিৱেশে আৱৰি থকা নাককাটি পাহাৰৰ শীৰ্ষত অনশনত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতি I
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সভাপতি মহীধৰ ৰায়ে কয়, “শাসনাধিষ্ট বিজেপি চৰকাৰ খনে ক্ষমতা হেৰুৱাৰ ভয়ত ভীতিগ্ৰস্ত হৈ এনেদৰে মাহৰ পিছত মাহ কৃষক নেতা অখিল গগৈক জেলৰ ভিতৰত কৰায়ত্ত কৰি ৰাখিছে |”
জিলা সভাপতি গৰাকীয়ে আৰু কয়, “অখিল গগৈক কৰায়ত্ত কৰি ৰাখি চৰকাৰ খনে বিভিন্ন অসমবিৰোধী কাৰ্য্য যেনে অসমত নতুনকৈ ৬-৭ খন টোল’গেট কৃষক বিৰোধী কৃষি আইন নাগৰিকত্ব সংশোধোনী আইন আদি অসমত জাঁপি দি অসমীয়া জাতিক ধ্বংস কৰিব ওলাইছে।”
অসমীয়া ৰাইজে কোনোদিনে কা’ মনা নাই কোনোদিনে কা’ নামানে আৰু কোনোদিনে কা’ নামানিব । অখিল গগৈ মুক্ত হলে অসমত এক বিৰাট ৰাজনৈতিক পৰিৱৰ্তন হ’ব আৰু বিজেপি চৰকাৰৰ পতন ঘটিব ।