কৃষি আইনক লৈ সদনত আলোচনা

নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন আৰু বৰ্তমানে চলি থকা কৃষক বিদ্ৰোহক লৈ চলি থকা পৰিস্থিতিক লৈ সদনত আলোচনাৰ বাবে সাজু হৈছে চৰকাৰ | বিৰোধী দল সমূহে আলোচনাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ পিছত বিৰোধীয়ে একগোট হৈ চৰকাৰক আইন কেইখন বাতিল কৰিবৰ বাবে একপ্ৰকাৰ কৌশল ৰচনাত ব্যস্ত |

আন্দোলনকাৰী কৃষকৰ সৈতে চৰকাৰৰ আলোচনা চলি আছে যদিও এতিয়াও সমাধান সুত্ৰ ওলোৱা নাই | ইয়াৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সকলক হুইপ জাৰী কৰিছে দলৰ ফালৰ পৰা। ৮ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ৰাজ্যসভাত মজিয়াত উপস্থিত থকাৰ বাবে হুইপ জাৰী কৰিছে ।

বিজেপি চৰকাৰৰ স্থিতিক সমৰ্থন দিবলৈ সদনত উপস্থিত থকাৰ বাবে সাংসদ সকলক হুইপ জাৰী কৰা হয় । চৰকাৰে কৃষক আন্দোলন সন্দৰ্ভত আলোচনাৰ বাবে ৰাজ্যসভাত ১৫ ঘন্টা ধাৰ্য্য কৰা হৈছে । বৃহস্পতি বাৰে ১০ বিৰোধী দলে এই সন্দৰ্ভত বৈঠকত মিলিত হৈছিল । সদনত আলোচনাৰ কালত বিৰোধীৰ আক্ৰমনৰ পৰা শাসকীয় দলে কেনেদৰে নিজকে বচাব পাৰে তাক লৈও প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply