কাকপথাৰ – আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা কেতিয়াও সফল নোহোৱাৰ শংকাই গা কৰি উঠিছে। এই শংকা প্ৰকাশ কৰিছে খোদ আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই। কালি কাকপথাৰত আয়োজিত এক অনুষ্ঠানত এই শংকা প্ৰকাশ কৰিছে শ্ৰী হাজৰিকাই।
শ্ৰী হাজৰিকাই কয়, “আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ প্রতি বিশ্বাস থকাৰ বাবেই এটা সময়ত যুদ্ধবিৰত গোটৰ সৈতে চামিল হৈ আলোচনা প্রক্রিয়াত ভাগ লৈছিলো৷ আলফা-চৰকাৰৰ আলোচনাক চৰকাৰে যেনেদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে দিয়া নাই৷ আলফা-চৰকাৰৰ আলোচনা বিফল হোৱাৰ দিশে গতি কৰিছে৷ মোৰ এতিয়া চৰকাৰৰ ওপৰত বিশ্বাস ভংগ হ’বলৈ ধৰিছে৷’
তেওঁ লগতে কয়, “আলফা-চৰকাৰৰ আলোচনাত যিদৰে গতি লাভ কৰিব লাগিছিল, সেইদৰে নহৈ আলোচনা শব্দটো গুৰুত্বহীন কৰি তুলিছে৷”
আলফাৰ দাবী সম্পর্কত কোনো আলোচনা নকৰি আলফা-চৰকাৰৰ আলোচনা প্রক্রিয়া এটা নামমাত্র প্রক্রিয়া হোৱাৰ দিশে গতি কৰা বুলিও আলফাৰ নেতাজনে সদৰী কৰে৷ আনহাতে আলফা স্বাধীন সম্পর্কত মতামত বিচৰাত তেওঁ কয়, ‘সাম্প্রতিক সময়ত খিলঞ্জীয়াক সুৰক্ষিত কৰি ৰখাৰ স্বার্থত সশস্ত্র সংগ্রামৰ প্রয়োজনীয়তা নথকা নহয়৷ সশস্ত্র বিপ্লৱেও খিলঞ্জীয়াক সুৰক্ষিত কৰিব পৰাৰ যথেষ্ট থল আছে৷ সশস্ত্র সংগ্রাম, সুসংঘবদ্ধ, সু-শৃংখলিত আৰু সু-সংগঠিত হ’ব লাগে’ বুলিও তেওঁ সদৰী কৰে৷