নিউজ ডেস্কঃ গণৰাজ্য দিৱসৰ দিনা লাল কিল্লাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ মূল অভিযুক্ত অভিনেতা দীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰা হৈছে।
পঞ্জাৱ আৰক্ষী সঞ্জীব যাদবে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা ১০.৩০ বজাত কাৰ্নালৰ পৰা গ্ৰেপ্তাৰ কৰিছে। বহু দিনৰ পৰাই আৰক্ষীৰ নজৰত আছিল দীপ সিদ্ধুক | ৰাস্তাৰ কাষত গাড়ীৰে যাবলৈ ৰৈ থকা সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় |
উল্লেখ্য যে গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত দীপ সিদ্ধুৱে সেইদিনাই দিল্লীৰ পৰা পলায়ন কৰি আত্মগোপন কৰি আছিল।
আন্দোলনৰত সকলো কৃষক নেতাসকলে ট্ৰেক্টৰ ৰেলীৰ হিংসাত্মক ঘটনাৰ বাবে দীপ সিদ্ধুক জগৰীয়া কৰিছিল। কৃষক নেতাসকলে অভিযোগ কৰিছিল যে আৰএছএছৰ পৰিকল্পনা অনুসৰি দীপ সিদ্ধুৱে কৃষকৰ শান্তিপূৰ্ণ ট্ৰেক্টৰ ৰেলীত হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ সকলোকে উচতনি দিছিল।
আত্মগোপন কৰি থাকিলেও অভিযুক্ত দীপ সিদ্ধুৰ ফেচবুক পেজৰ পৰা মাজে মাজে নিজৰ ভিডিঅ’ শ্বেয়াৰ কৰা আহিছিল | আৰক্ষীয়ে জনোৱা মতে একাউন্টটো বিদেশৰ পৰা কোনো মহিলা বন্ধুৱে হেণ্ডেল কৰি আহিছিল। ফেচবুক পেজটোত পলায়ন কৰি থকা অবস্থাত নিজকে নিৰ্দোষী বুলি প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা চলাই থকাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে | ইফালে দীপ সিদ্ধৰ সন্ধান দিয়া লোকক ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল দিল্লী আৰক্ষীয়ে।