গুৱাহাটী – বাজেট ধন ধার্য কৰা হ’ল কিন্তু কাম আৰম্ভ নহ’ল, ফলত পুনৰ প্ৰতিবাদৰ পথ ল’বলৈ বাধ্য হ’ল সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ। বাজেট অধিবেশনৰ প্ৰথম দিনাই দীৰ্ঘদিনীয়া দাবী লৈ প্ৰতিবাদত বহিল সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ। বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰিলে নেকি গৰিয়া-মৰিয়া-দেশী লোক সকলক ?

২০১৯-২০ বর্ষৰ অসম চৰকাৰৰ বিত্তীয় বাজেটত অসমৰ খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশী, চাহ জনগোষ্ঠীয় জলহা আদি জনগোষ্ঠীয় লোক সকলক জৰীপৰ জৰিয়তে চিনাক্তকৰণৰ লগতে উন্নয়ন নিগম গঠন কৰাৰ বাবে ৰাজ্যৰ বিজেপি চৰকাৰখনে ১০০ কোটি টকা ধার্য কৰিছিল। বাজেটত চৰকাৰে ধন ধার্য কৰিলে ঠিকেই কিন্তু কাম আৰম্ভ নহ’ল। চৰকৰখনৰ পাঁচ বছৰীয়া শাসন কাল সমাপ্ত হ’ব কিন্তু চৰকাৰে পূৰণ নকৰিলে গৰিয়া-মৰিয়া-দেশী, চাহ জনগোষ্ঠীয় লোক সকলক প্ৰদান কৰা প্ৰতিশ্ৰুতি।

চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষোভিত হৈ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ লাষ্ট গেটৰ প্ৰতিবাদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ সভাপতি হাফিজুল আহেমদে কয় যে কোনো এটা ৰাজনৈতিক দলে অসমৰ গৰিয়া-মৰিয়া-দেশী সকলৰ উন্নয়নৰ চিন্তা কৰা নাই। বিজেপি চৰকাৰখনে অসমৰ সুকীয়া জৰীপৰ বাবে ধন ধার্য কৰিলে যদিও এইয়া মাত্ৰ ঘোষণাতে সমাপ্ত হৈ থাকিল।

অসমৰ গৰিয়া-মৰিয়া-দেশী লোক সকলে ১২৬ টা বিধনাসভা সমষ্টিৰ ভিতৰত ২৪ টা সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে নিৰ্বাচনৰ পূৰ্বে চৰকাৰখনে গৰিয়া-মৰিয়া-দেশী লোক সকলৰ জৰীপৰ ব্যৱস্থা আৰু উন্নয়ন উন্নয়ন নিগম গঠন নকৰিলে নিৰ্বাচনত চৰকাৰখন বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলিও হুংকাৰ দিয়ে হাফিজুল আহমেদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply