গুৱাহাটী: ৭২ সংখ্যক গনৰাজ্য দিৱস দেশৰ অন্যান্য অঞ্চলৰ লগতে মহানগৰীৰ মাৰোৱাৰী হাস্পাতালতো আয়োজন কৰা হয় | এই অনুষ্ঠানতে চিকিত্‍সালয় খনৰ ষ্টাফ সকলৰ মাজত বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰে | চিকিত্‍সালয় খনৰ প্ৰেচিডেন্ট শৰত জৈনে কৰ্মচাৰীসকলক আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে যুগৰ সৈতে আগবাঢ়ি যোৱাৰ বাবে জনাই |

অনুষ্ঠানত উপস্থিত থকা চিকিত্‍সালয় খনৰ অধীক্ষক ৰোহিত উপাধ্যায়ে চিকিত্‍সালয় খনৰ কৰ্মীসকলে ক’ভিডৰ সময়ত আগবঢ়োৱা অবদানক কৃতজ্ঞতাৰে সোঁৱৰে | এই অনুষ্ঠানতে ক’ভিডৰ সময়ত সেৱা আগবঢ়োৱা ১৯ গৰাকী লোকলৈ বিশেষ বঁটা প্ৰদান কৰে |

আজিৰ অনুষ্ঠানত বিশেষ ভাবে সেৱা আগবঢ়োৱা চিকিত্‍সালয় খনৰ কৰ্মচাৰীসকলক বঁটা প্ৰদান কৰে | সেইসকলৰ ভিতৰত আছে ডা: এছ এন শৰ্মা, ডা দিনেশ আগৰৱাল, ডা বিনন্দ পাটিৰ, ডা অতুল কুমাৰ আগৰৱাল, প্ৰিয়ংকা সেনগুপ্ত আদি |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply