গুৱাহাটী – তেওঁ বাৰে বাৰে কৈ গৈছে, ক’ভিডক লৈ চিন্তাৰ কোনো কাৰণ নাই। মাস্ক পিন্ধাৰো কোনো কাৰণ নাই। কোৱাৰেন্টাইনৰো বিৰোধিতা কৰে তেওঁ। হোৱাইট হাউচতো প্ৰায় একেই সুৰতে বিবৃতি দি গৈছে তেওঁ। কিন্তু চৰকাৰী কৰ্মী হৈও তেওঁৰ এইবোৰ দাবী। কোভিড নীতিক লৈ বাৰম্বাৰ আঙুলি তুলিছে তেওঁ। তেওঁ আমেৰিকাৰ শীৰ্ষ চৰকাৰী বিজ্ঞানী তথা ক’ভিড বিশেষজ্ঞ এন্টনি ফোজি।

হোৱাইট হাউছৰ ক’ভিড সংক্ৰান্তীয় টাস্ক ফোৰ্চৰ সদস্য ফোজি। বাৰম্বাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমালোচনাত মুখৰ তেওঁ। দেশবাসীকো ট্ৰাম্পৰ ক’ভিড নীতিৰ বিৰুদ্ধে সতৰ্ক কৰি আহিছে তেওঁ। এইবাৰ নিজৰ প্ৰচাৰকাৰী দলৰ সমূখতেই সেই ফোজিকে ‘‌ইডিয়ট’‌ বুলিলে ট্ৰাম্পে। উপস্থিত আছিল সংবাদ মাধ্যমো। ট্ৰাম্পে কয়, সমগ্ৰ বিশ্বৰ জনসাধাৰণ এই ক’ৰোনাক লৈ ক্লান্ত হৈ পৰিছে।

ট্ৰাম্পে কয়, ‘‌মানুহে কৈছে যে তেওঁলোক এই কথাবোৰ শুনি শুনি লৈ ক্লান্ত হৈ পৰিছে, মোৰ কথা বাদেই দিয়ক। এই ফোজি আৰু ইডিয়টবোৰৰ কথা শুনি শুনি তেওঁলোক ক্লান্ত।’‌ আমেৰিকাত কৰোনাত মৃত্যু হৈছে দুই লাখ ২০ হাজাৰ লোক। সেইবাবেই আসন্ন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰতো যথেষ্ট পিছ পৰিছে ট্ৰাম্প। বিপক্ষৰ মাজতো যথেষ্ট সমালোচিত হৈছে তেওঁ ক’ভিড নীতিকলৈ। এইবাৰ সেইবাবেই ফোজিকেই দোষী সাব্যস্ত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply