তিতাবৰত উজ্জীৱন বেংকৰ সামাজিক দায়বদ্ধতা।

তিতাবৰ: তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰদান কৰিলে ৰোগীৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী। প্ৰতিষ্ঠানটোৱে সামাজিক দায়বদ্ধতা ৰক্ষা কৰি আজি তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ২০ খনকৈ বেড আৰু ২০ টাকৈ চাইড লকাৰ আৰু ৰোগীয়ে ব্যৱহাৰ কৰিব পৰাকৈ৩০ খনকৈ ষ্ট্ৰীলৰ শ্বেয়াৰ প্ৰদান কৰে। তিতাবৰ মহকুমা প্ৰশাসনৰ দণ্ডাধীশ ৰক্তিম বুঢ়াগোহাঁইয়ে ফিটা কাটি শুভাৰম্ভ কৰা অনুষ্ঠানটোত স্বাস্থ্য বিষয়া বিনা বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে।

উজ্জীৱন বেংক তিতাবৰৰ শাখা পৰিচালক পৰশ মণি বৰুৱা, এৰিয়া মেনেজাৰ অনুপম শৰ্মা, মহকুমা স্বাস্থ্য বিষয়া বিনা বৰদলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ দেৱজিত হাজৰিকাকে ধৰি বহুকেইজন জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। সমাজৰ উপকাৰ সাধন হোৱাকৈ পৰৱৰ্তী পয্যায়ত আৰু অধিক আঁচনি গ্ৰহণ কৰাৰ কথা শাখা পৰিচালক পৰশ মণি বৰুৱাই মন্তব্য কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply