যোগেন মহনৰ সমষ্টিত অসম জাতীয় পৰিষদৰ ৰণডংকা Credit: ইষ্ট ম'জ'

সোণাৰি : “নিৰ্বাচন সমাগত, নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰৰো আঁচনিৰ সংখ্যা বৃদ্ধি পাইছে। ৰাইজৰ ধনেৰে চৰকাৰে দিয়া অনুদান গ্ৰহণ কৰক ৰাইজে। কিন্তু নিজৰ মগজুক বিক্ৰী নকৰিব চৰকাৰৰ ওচৰত।অসমৰ সৰ্বসাধাৰণ ৰাইজক শোষণ কৰাৰ প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনত দিবলৈ সাজু হওক ৰাইজ”। এই গুৰুত্বপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

মন্ত্ৰী যোগেন মহনৰ সমষ্টিত অসম জাতীয় পৰিষদৰ ৰণডংকা বজায় এই মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে। মাহমৰা সমষ্টিৰ জজলী পাঁচআলিত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৰোহৰ জৰিয়তে নিৰ্বাচনী কুচ-কাৱাজ চলাই গগৈয়ে কয় “অসমৰ জাতীয় জীৱনৰ জয়গান গাবলৈ ৰাজনৈতিক বিকল্পৰ চিন্তা চৰ্চা কৰা সময়তে স্বাভিমানী সত্বা জীয়াই ৰাখিবলৈ অসম জাতীয় পৰিষদৰ জন্ম হৈছিল। অসমৰ নাগৰিকক ৰাজনৈতিক ভাৱে পংগু কৰাৰ উদ্দেশ্যে দিল্লীৰ চৰকাৰে জোৰ-জবৰদস্তি “কা” জাপি দিবলৈ বিচাৰিছে ।

কিন্তু স্বাভিমানী অসমৰ জনতাই কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলৈ নিবিচাৰে। অসম জাতীয় পৰিষদে অসমবাসীক যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থাকিবলৈ নিদিয়ে সেই নিশ্চিতি দিছে ইতিমধ্যে দিছে। অসমীয়াই মেৰুদণ্ড পোন কৰি জীয়াই থাকিব পাৰিব নে নোৱাৰে সেই কথা এতিয়া প্ৰতিজন অসমীয়াৰ চিন্তা। গতিকে ২০২১ ৰ নিৰ্বাচন জৰিয়তে অসমত এখন জাতীয়তাবাদী চৰকাৰ গঠন কৰিব লাগিব”। আনহাতে তেখেতে কয়, “ৰাইজ সাৱধান হওক। এইখন বিশ্বাসঘাটক চৰকাৰ। বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি দি অসমবাসীক বিশ্বাস ঘাটক কৰি আহিছে চৰকাৰে।

মানুহে মিছা কথা কেনেকৈ কব লাগে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ পৰা”। উল্লেখ্য যে, মাহমৰা সমষ্টিৰ জজলী পাঁচআলি ৰাজহুৱা খেলপথাৰত পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত আজি অনুষ্ঠিত হ’ল অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৰোহ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অনুষ্ঠিত সমাৰোহত বিশিষ্ট চিকিৎসক ডাঃ অমিত বৰুৱাই উদ্বোধন কৰে। ইফালে আজিৰ সমাৰোহতে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি পদ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিলে যুৱ নেতা মানিক গগৈয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰৰ লগতে সহস্ৰাধিকেও যোগদান কৰিলে অসম জাতীয় পৰিষদত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply