যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

ছয়গাঁও – ছয়গাঁৱত ড্ৰাগছসহ এজনক আটক। ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱৰ জাহিৰপুৰ সোমবৰীয়া বজাৰত ড্ৰাগছসহ এজন লোকক আটক কৰে৷ আটকাধীন লোকজন হ’ল জাহিৰপুৰ গাঁৱৰ আব্দুল চামাদ৷

জানিব পৰা মতে জাহিৰপুৰৰ আব্দুল চামাদ নামৰ লোকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল৷ আব্দুল চামাদ শনিবাৰে সন্ধিয়া জাহিৰপুৰ সোমবৰীয়া বজাৰত এজন গ্ৰাহকক ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ খবৰ পাই ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই আব্দুল চামাদক আটক কৰিবলৈ সক্ষম হয়।

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটি দলে জাহিৰপুৰ সোমবৰীয়া বজাৰত উপস্থিত হৈ দুজন আৰক্ষীৰ লোকে সাধাৰণ পোচাকত গ্ৰাহকৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী আব্দুল চামাদৰ ওচৰলৈ যায় আৰু সেই সময়তেই অতি কৌশলৰে ড্ৰাগছ ব্যৱসায়ী আব্দুল চামাদক আৰক্ষীয়ে আটক কৰে৷

আৰক্ষীয়ে আব্দুল চামাদৰ পৰা ১৯ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বিগত সময়ছোৱাত ড্ৰাগছৰ ব্যাপক প্ৰচলন দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ছয়গাঁও, সোণতলী আৰু গৰৈমাৰি ড্ৰাগছৰ ঘটিত পৰিণত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply