ছয়গাৱত চোৰাং কাঠৰ মুক্ত বেহা Credit: মুকুট মেধি, ইষ্ট ম'জ'

ছয়গাঁও: পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা চলি আছে ৷ গাড়ী,নদী পথ আদিৰে চোৰাং কাঠৰ সৰবৰাহ হৈ থকাৰ লগতে পাহাৰ অঞ্চলৰ পৰা নিতৌ চাইকেলেৰে চোৰাং কাঠৰ সৰবৰাহ হৈ আছে ৷ বিশেষকৈ অসম মেঘালয় সীমান্তৰ পাহাৰীয়া এলেকাৰ পৰা নিতৌ পুৱা গধুলি চাইকেলেৰে চোৰাং কাঠ সৰবৰাহ হৈ থকাটো এতিয়া এক সুলভ দৃশ্য ৷

নিতৌ চাইকেলেৰে চোৰাং কাঠৰ সৰবৰাহ পশ্চিম কামৰূপ বন সংমণ্ডলত

বিশেষকৈ লোহাৰঘাট,কুলশী,উকিয়াম,জালুকবাৰী বৰবাকাৰা ,হাঁহিম,গোহালকোনা আদি বিভিন্ন অঞ্চলৰ পৰা চাইকেলেৰে চোৰাং কাঠ সৰবৰাহ হৈ থকা ৷ এই চোৰাং কাঠ কঢ়িওৱা চাইকেলবোৰে দিনৰ পোহৰতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দিশে লৈ যায় ৷ বিশেষকৈ পলাশবাৰী,গৰৈমাৰী,সোণতলী আদি অঞ্চলৰে ব্ৰহ্মপুত্ৰলৈ যায় আৰু তাৰ পৰা নদী পথেৰে তথা ভূটভূটীৰে বিভিন্ন ঠাইলৈ চালান যায় ৷ ছয়গাঁৱৰ ঔগুৰী পথ আৰু লামপাৰাৰে দিনৰ ভাগত এনেদৰে চোৰাং কাঠ সৰবৰাহ হৈ থকাটো এতিয়া সুলভ দৃশ্য হৈ পৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply