ছয়গাৱত চোৰাং গৰু সৰবৰাহকাৰীক আটক

ছয়গাঁও:- দক্ষিণ কামৰূপৰ চৰাঞ্চলসমূহৰ পৰা প্ৰতি নিশাই চোৰাংকৈ ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈ আহিছে গৰু। ইতিমধ্যে সমগ্ৰ দক্ষিণ কামৰূপৰ মাজেৰে সৰবৰাহ হৈ থকা চোৰাং গৰুৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীয়েও অভিযান চলাই মাজে সময়ে এনেদৰে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰে নিশাও ছয়গাঁৱৰ খাৰাভাংগাত ১৭ টাকৈ চোৰাং গৰু কঢ়িয়াই নিয়া ট্ৰাক এখন ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষী সুত্ৰ মতে, AS-01- GC-9159 নম্বৰৰ ট্ৰাকখনেৰে গৰুকেইটা বকো দিশৰ পৰা গুৱাহাটী অভিমুখে লৈ গৈ থকা অবস্থাত খেদি খেদি ছয়গাঁও আৰক্ষীয়ে খাৰাভাংগাত জব্দ কৰে ৷ ট্ৰাকখনৰ চালক চিৰাজ আলীক আটক কৰি ছয়গাঁও আৰক্ষীয়ে সোধা পোছা কৰি আছে ৷ দক্ষিণ কামৰূপৰ চৰাঞ্চলসমূহৰ পৰা নিশাৰ ভাগত এইদৰেই গুৱাহাটীৰ মাজমজিয়াৰে বহিৰাজ্যলৈ ট্ৰাকেৰে গৰুৰ চোৰাং সৰবৰাহ হৈ থকাৰ আঁৰত এটা বৃহৎ চক্ৰ জড়িত আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই গৰু ভৰ্তি বাহন জব্দ কৰে যদিও বৃহৎ চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply