অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ আপুৰুগীয়া গ্ৰন্থ সমূহ ডিজিটাইজেচন কৰাৰ বাবে সাজু

গুৱাহাটী– ডিজিটেল যুগত প্ৰবেশ কৰিবৰ বাবে আৰু এখোজ আগবঢ়ালে অসম সাহিত্য সভাই। ডিজিটেল আৰ্কাইভ গঠন কৰি এই আৰ্কাইভৰ জৰিয়তে সাহিত্য সভাই প্ৰকাশিত কৰা গ্ৰন্থ সমূহৰ লগতে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ আপুৰুগীয়া গ্ৰন্থ সমূহ ডিজিটাইজেচন কৰাৰ বাবে সাজু হৈছে ।

মঙলবাৰে সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত এমট্ৰনৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱৰ উপস্থিতিত অসম সাহিত্য সভাৰ হৈ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক মনজিত সিং আৰু এমট্ৰনৰ হৈ উপ মহাপ্ৰৱন্ধক ববিতা গোস্বামীয়ে এই চুক্তিত স্বাক্ষৰ কৰে।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই পুৰনি সকলো গ্ৰন্থ ৰাজি ডিজিটেল ৰূপত আনিবলৈ সভাই চেষ্টা চলাব বুলি উল্লেখ কৰি প্ৰাৰম্ভিক অৱস্থাত অতি পুৰনি,নষ্ট হৈ যাব খোজা পুথি সমূহ প্ৰথমে ডিজিটাইজেচন কৰা হ’ব বুলি উল্লেখ কৰে | এমট্ৰনে ডিজিটেল প্লেটফ্ৰমৰ বাবে সকলো ধৰণৰ কাৰিকৰী সহায় কৰিব। এনে কাৰ্যসূচীৰ বাবে অসম চৰকাৰে এইবাৰৰ বাজেটতত প্ৰায় ৯৫ লাখ টকা নিৰ্ধাৰন কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply