তলা ওলমিল গুৱাহাটীৰ পাঁচটাকৈ ছবিগৃহত

গুৱাহাটী- কৰোণা মহামাৰীয়ে বিধ্বস্ত কৰিছে সমগ্ৰ বিশ্ব। লকডাউনৰ প্ৰভাৱত ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনে দেশৰ অৰ্থনীতি নিম্নগামী কৰি তুলিছে। কৰোণা মহামাৰীৰ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অসমত বন্ধ হ’ল পাঁচটাকৈ ছবিগৃহ। বিগত ১০ মাহ ধৰি চলচ্চিত্র গৃহসমূহ বন্ধ হৈ থকাত ব্যৱসায়ীসকলে পৰিশোধ কৰিব পৰা নাই বিদ্যুতৰ মাচুল ৷

ছবিগৃহ বন্ধ থাকিলেও প্ৰতিমাহে স্বত্বাধিকাৰীয়ে ৩৫-৪০ হাজাৰ টকা বিদ্যুতৰ বাধ্যতামূলক মাচুল দিব লাগে। এনে পৰিস্থিতিত ছবিগৃহ বন্ধ কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছে ছবিগৃহৰ মালিকে।

ৰাজ্য চৰকাৰক ছবিগৃহৰ মালিক সন্থাই বিদ্যুতৰ ফিক্সড চার্জ ৰেহাই দিবলৈ আহ্বান জনাইছিল যদিও এতিয়ালৈকে চৰকাৰে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে ৷ ৰাজ্য চৰকাৰে ছবিগৃহসমূহ ৫০ শতাংশ দর্শকক লৈ খুলিবলৈ আহ্বান জনাইছিল৷ কিন্তু নতুন ছবি নির্মাণ নোহোৱাত ছবিগৃহসমূহ খুলিলেও দর্শকৰ সঁহাৰি নাপাব৷ সেয়েহে স্বত্বাধিকাৰীসকলে লোকচানৰ সন্মুখীন হৈছে ৷

অৱশেষত ব্যাপক লোকচানৰ সন্মুখীন হৈ মহানগৰৰ নুনমাটিৰ বন্দনা চিনেমা হল, পল্টন বজাৰৰ অপ্সৰা, মেঘদূত, ফাঁচী বজাৰৰ উর্বশী আৰু ছয়গাঁৱৰ ছিলভাৰ স্ক্রীন চিনেমা হল বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে স্বত্বাধিকাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply