তিনিচুকীয়াৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকান্ড

তিনিচুকীয়া: তিনিচুকীয়াৰ এটা কেমিকেল ফেক্টৰিত দেওবাৰে পুৱাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বালুগাদাস্থিত কেমিকেল ফেক্টৰীতোত হোৱা ভয়ংকৰ অগ্নিকান্ডত কাষতে থকা লোকসকলৰ বাসগৃহলৈ ভাবুকি নমাই আনে | স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগতে নিজেও জুই নুমুৱাবলৈ চেষ্টা কৰে |

শেহতীয়াকৈ ৩ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । যোৱা সময়চোৱাত তিনিবাৰকৈ এই ফেক্টৰীটোত জুই লাগি কাষতে থকা বাসিন্দাসকললৈ ভাবুকি কঢ়িয়াই আনিছিল | প্ৰশাসনে এই ফেক্টৰীটোৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় জনতাৰ |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply