তিনিচুকীয়া – তিনিচুকীয়াবাসী ৰাইজৰ বাবে আজিৰ দিনটো এটি বিশেষ দিন। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ কেন্দ্ৰ’ৰ আজি শুভ উন্মোচন কৰা হয়। উন্মোচন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰটি উদ্ধোধন কৰাৰ লগতে কচুজান খেলপথাৰত নিৰ্মাণ হ’ব লগীয়া পেভিলিয়নটোৰ আধাৰশিলা স্থাপন আৰু নগৰ উন্নয়ন বিভাগ “তিনিচুকীয়া ট্ৰাক আস্থান”ৰ শুভ উদ্ধোধন কৰে। শুভ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আদি কৰি ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষান, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে।

মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ লগে লগে গায়ন বায়নে আদৰি অনা হয় মুখ্যমন্ত্ৰী গৰাকীক।বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভণি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিচুকীয়া উন্নয়ন প্ৰাধিকাৰণ সংস্কৃতিক কেন্দ্ৰ ফলক উন্মোচন কৰে তাৰ পিছতে কেন্দ্ৰটোৰ প্ৰৱেশদ্বাৰ মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে বন্তি প্ৰজ্বলন কৰি ৰাইজৰ আগত বক্তব্য ৰাখি কয় যে ২০১৬ চনৰ পৰা বিজেপি চৰকাৰ শাসনত অহাৰ পাছৰে পৰা উন্নয়নমূলক কাম কৰি আহিছে আৰু ৰাইজৰ আশীৰ্বাদত আগলৈকে উন্নয়নমূলক কাম কৰি যাব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তিনিচুকীয়া জিলাৰ সংস্কৃতিক দিশটো আগুৱাই নিয়াৰ স্বাৰ্থত এনে ধৰণৰ কেন্দ্ৰ অতি গুৰুত্বপূৰ্ণ, গতিকে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সংস্কৃতিক কেন্দ্ৰ’য়ো সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply