দেশৰ প্ৰথমখন চালক বিহীন ৰে’ল মুকলি

নিউজ ডেক্স:-দেশৰ ৰেলৱে ইতিহাসত আন এক যুগৰ সূচনা হ’ল | বিশ্বৰ চালক বিহীন ৰে’ল চলোৱা দেশসমূহৰ গ্ৰুপত সোমবাৰৰ পৰা অন্তৰ্ভূক্ত হ’ল ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰথম খন চালক বিহীন ৰে’ল দেশৰ নামত উচৰ্গা কৰে।

নতুন দিল্লীৰ মেজেণ্টা অঞ্চলত মোডীয়ে দিল্লী মেট্ৰ’ৰ প্ৰথম খন চালক বিহীন ৰে’ল আনুষ্ঠানিক ভাবে মুকলি কৰে। চালক বিহীন ৰে’ল মুকলি কৰি মোদীয়ে দেশৰ প্ৰযুক্তিৰ যাত্ৰাই ক্ৰমান্বয়ে শীৰ্ষলৈ আগবাঢ়িছে বুলি উল্লেখ কৰে | উন্নত মানৰ প্ৰযুক্তিৰ ব্যবহাৰে দেশক আগুৱাই নিয়াৰ লগতে দেশবাসীকো ইয়াৰ সুবিধা গ্ৰহণ কৰাত সহায় কৰিছে | এতিয়াৰে পৰা কেৱল দিল্লীতেই নহয় দেশৰ আন স্থানতো মেট্ৰ’ৰেলৰ ব্যবস্থা কৰিবলৈ আগবাঢ়িছে |

চালক বিহীন ৰে’লৰ লগতে দিল্লী মেট্ৰ’ত শেহতীয়াকৈ এনচিএমপি কাৰ্ড প্ৰচলন কৰা হৈছে। এই কাৰ্ডৰ জৰিয়তে ৰে’ল-বাছৰ ভাড়া দিয়াৰ লগতে এটিএম কাৰ্ডৰ দৰে ইয়াৰ পৰা টকাও তুলিব পাৰি।

দেশত মেট্ৰ’ ৰে’ল সেৱা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অৱদানকো সোঁৱৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply