ধুবুৰী জিলাৰ অন্তৰ্গত সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আবদ্ধ ফেৰী

মানকাচৰ – ব্ৰহ্মপুত্ৰ নদীত আৱদ্ধ ফেৰী। ধুবুৰী জিলাৰ অন্তৰ্গত সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আবদ্ধ ফেৰী। ফেৰীখনত আছে প্ৰায় ২৫০ জন যাত্ৰী।

এইবাৰ ধুবুৰী জিলাৰ সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আৱদ্ধ হৈছে এখন ফেৰী। প্ৰায় ২৫০ জন যাত্ৰী লৈ যাত্ৰা কৰা ফেৰীখন অধিক সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ পৰে।

ইফালে প্ৰশাসনে ফেৰীখন উদ্ধাৰ কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা ফেৰীখনক উদ্ধাৰ কৰাৰ বাবে ফেৰী কৰ্তৃপক্ষ নিজেই অভিযান অব্যাহত ৰাখিছে।

প্ৰায় ১ ঘণ্টা ধৰি ফেৰীখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মঙলাবাৰে যোৰহাট জিলাত বনভোজ খবলৈ যোৱা এখন নাওঁ দুৰ্ঘটনাত পতিত হৈছিল। নাওঁ দুর্ঘটনাৰ পিছত কেইবাজনো লোক ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ পৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply