চিলাপথাৰ – মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ধেমাজি জিলাৰ চিলাপথাৰৰ কলাজানৰ চিতলমাৰীত উপস্থিত হৈ অহা ২২ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সভাৰ যাৱতীয় প্রস্তুতি বুজ লয়। প্রস্তুতিৰ বুজ লােৱাৰ সময়ত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী যােগেন মহন, ৰাজ্যিক স্বাস্থ্য মন্ত্রী পীয়ুষ হাজৰিকা মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে।

লখিমপুৰ লােকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, বিধায়কসকল ক্রমে প্রশান্ত ফুকন, ঋতুপর্ণ বৰুৱা আৰু ভূৱন পেগু, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধানদ্বয় হৰমিত সিং আৰু জি পি সিং, ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলও মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে চিতলমাৰীত। সাংবাদিকৰ সৈতে হােৱা মত বিনিময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ ৰাইজে আজি ভাৰতবৰ্ষৰ বুকুত মর্যাদাসহকাৰে যি স্থান লাভ কৰিছে, তাৰ অন্তৰালত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ উল্লেখযােগ্য অবদান আছে।

প্রধানমন্ত্রী গৰাকী যেতিয়াই অসমলৈ আহে, উন্নয়নৰ এক নতুন টৌ ৰাজ্যখনলৈ লৈ আহে। প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত আজি উত্তৰ-পূর্বাঞ্চলে দেশৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে মূৰ দাঙি উঠিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অঞ্চলটোত সুচনা হােৱা অভূতপূর্ব উন্নয়নৰ যাত্ৰাই নাগৰিকসকলৰ জীৱনলৈ উল্লেখযােগ্য পৰিৱর্তন আনিবলৈ সক্ষম হৈছে।

অহা সােমবাৰে ভাৰত চৰকাৰৰ পেট্রলিয়াম মন্ত্রালয়ৰ তিনিটা গুরুত্বপূর্ণ প্রকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰাৰ লগতে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন তথা শুৱালকুছি অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ আগন্তুক ধেমাজি ভ্ৰমণৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তােলাৰ স্বাৰ্থত আন্তৰিকতাৰে সহায়-সহযােগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্রতি আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply