প্ৰতিকী ছবি

গুৱাহাটী – উচ্চতম ন্যায়ালয়ে বুধবাৰে কয় যে ধৰ্ণা বা প্ৰতিবাদৰ নামত অনিৰ্দ্দিষ্টকাললৈ ৰাজহুৱা স্থান দখল কৰি ৰখাটো কেতিয়াও গ্ৰহণযোগ্য নহয়।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে নতুন দিল্লীৰ শ্বাহিন বাগত পথ বন্ধ কৰি ৰখাৰ বাবে সৰ্বসাধাৰণ ৰাইজে সমূখীন হোৱা বিভিন্ন অসুবিধাৰ দিশটোক আলোকপাত কৰি দেশৰ শীৰ্ষ আদালতে আজি এই সিদ্ধান্ত দিয়ে।

ন্যায়াধীশত্ৰয় সঞ্জয় কিষাণ কৌল, অনিৰুদ্ধ বোস আৰু কৃষ্ণ মুৰাৰীৰ তিনিজনীয়া বিচাৰপীঠে আজি এই সিদ্ধান্ত জনায়। বিচাৰপীঠে লগতে ৰায় দিয়ে যে কেৱল নিৰ্ধাৰিত এলেকাতহে প্ৰতিবাদ ধৰ্ণা আদি অনুষ্ঠিত কৰিব লাগে।

তেওঁলোকে লগতে কয়, ৰাজহুৱা স্থান অধিগ্ৰহণ কৰি ধৰ্ণা দিয়াটো মুঠেই গ্ৰহণযোগ্য নহয়। স্থানীয় প্ৰশাসনে ৰাজহুৱা স্থান এনে পৰিস্থিতিত মোকলোৱাটো সুনিশ্চিত কৰিব লাগে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply