কৃষ্ণ বৈশ্যৰ মৃতদেহ উদ্ধাৰ Credit: ইষ্টম'জ'

নগাঁও- নগাঁও জিলাৰ কঠিয়াতলী নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত কৃষ্ণ বৈশ্যৰ মৃতদেহ উদ্ধাৰ হ’ল |ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ।নগাঁও তপতজুৰিত উদ্ধাৰ হ’ল যুৱকজনৰ মৃতদেহ |

বুধবাৰৰ পৰা নিখোজ হৈ আছিল বেংকৰ কৰ্মচাৰীজন। গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ বুধবাৰে পুৱাই ওলাই গৈছিল কৃষ্ণ বৈশ্য নামৰ যুবকজন।

প্ৰায় ২৭ বছৰীয়া কৃষ্ণ বৈশ্য নামৰ যুৱকজন বিগত ৪ বছৰ ধৰি কৰ্মৰত হৈ আছিল নগাঁৱৰ কঠিয়াতলি শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত। বেংকটোত কৰ্মৰত আন এজন সহকৰ্মীয়ে কৃষ্ণ বুধবাৰে দিনৰ ৩ বজাৰ পিছত কাৰ্য্যালয়ত উপস্থিত নোহোৱা কথা অৱগত কৰে বেঙ্ক কৰ্তৃপক্ষৰ লগতে কৃষ্ণৰ পৰিয়ালৰ লোকক।

কৃষ্ণৰ ম’বাইল ফোনত কেইবাবাৰো যোগাযোগৰ চেষ্টা কৰা হৈছে যদিও কোনো সহাঁৰি পোৱা নাছিল পৰিয়ালৰ লোক অথবা নগাঁও পুলিচ প্ৰশাসনে। উল্লেখ্য যে, কৃষ্ণই কঠীয়াতলীৰ বিভিন্ন ঠাইৰ পৰা দৈনিক গ্ৰাহকৰ ধন সংগ্ৰহ কৰি বেংকত জমা কৰি আহিছিল।

পৰিয়ালৰ লোকে হাজো থানাত এই ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ। আৰক্ষীয়ে অবশেষত কৃষ্ণৰ মৃতদেহ তপতজুৰিত অঞ্চলত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰে | আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কোনোলোককে এতিয়াও আটক কৰিব পৰা নাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply