নগাঁৱত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান Credit: ইষ্ট ম'জ'

নগাঁও– সোমবাৰে নগাঁৱত উপস্থিত হয় ভাৰতীয় নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মা। আগন্তুক অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ পৰা বুজ লয় ধৰ্মেন্দ্ৰ শৰ্মাই।

ইয়াৰ উপৰিও বিষয়া গৰাকীয়ে ৰহা আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা ভোট কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু ভোট কেন্দ্ৰ কেইটাৰ নিম্নতম সা-সুবিধাৰ বিষয়ে বুজ লয়। বিষয়া গৰাকীৰ এই পৰিদৰ্শন কালত আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সমূহত সন্তোষ প্ৰকাশ কৰে।

এই ভ্ৰমণ কালত বিষয়া গৰাকীক সংগ দিয়ে মুখ্য নিৰ্বাচনী বিষয়া নিটিন খাৰে ,আই জি পি দীপক কেডিয়াকে ধৰি কেইবাগৰাকী আমোলা-বিষয়াই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply