নগাঁৱৰ চাকদে ধাবাত দেশৰ দুই তাৰকাৰ মিলন Credit: বলিউড আৰু ক্ৰীড়া জগতৰ দুই তাৰকাৰ মিলন ভূমিত পৰিণত চাকদে ধাবা

নগাঁও – শনিবাৰে নিশা নগাঁৱৰ চাকদে ধাবাত হঠাতে মিলন ঘটে দেশৰ দুই তকৰকাৰ। দেশৰ দুই তাৰকা চাকদে ধাবাত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে ধাবাখনৰ কৰ্মচাৰী সকল। বলিউড আৰু ক্ৰীড়া জগতৰ দুই তাৰকাৰ মিলন ভূমিত পৰিণত চাকদে ধাবা।

নগাঁও বাইপাছৰ চাকদে ধাবাত শনিবাৰে নিশাৰ ভাগত সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ। ধাবাখনত হঠাতে দেশৰ দুই তাৰকাৰ মিলন ঘটাকলৈ সৃষ্টি হয় উখল মাখল পৰিৱেশৰ। বলিউডৰ তাৰকা আয়ুষ্মান খুড়ানাৰ লগত চাকদে ধাবাত সাক্ষাৎ ঘটে দেশৰ ক্ৰীড়া জগতৰ তাৰকা দীপা কৰ্মকাৰৰ।

এখন নতুন হিন্দী ছবিৰ শ্বুটিংৰ বাবে অসমলৈ অহা বলিউডৰ তাৰকা আয়ুষ্মান খুড়ানা শনিবাৰে নিশা হঠাৎ উপস্থিত হয় নগাঁৱৰ চাকদে ধাবাত। একে সময়তে নগাঁৱত উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা দেশৰ আগশাৰীৰ জিমনাষ্টিয়ান দীপা কৰ্মকাৰ। দীপা কৰ্মকাৰৰ উপস্থিতিৰ উমান পাই দীপ কৰ্মকাৰক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰে বলিউড তাৰকা আয়ুষ্মান খুড়ানাই।

পৰৱৰ্তী সময়ত নগাঁৱৰ ক্ৰীড়া সংগঠক তপন কুমাৰ দাসৰ তৎপৰতাত ধাবাখনতেই সাক্ষাৎ হয় দুই তাৰকাৰ। অভিনয় জগতৰ আয়ুষ্মান খুড়ানা আৰু ক্ৰীড়া জগতৰ দীপা কৰ্মকাৰৰ উপস্থিতিত উখল মাখল পৰিৱেশ বিৰাজমান হয় ধাবাখনৰ ভিতৰে বাহিৰে। দুয়োগৰাকী তাৰকাক ধাবাৰ তৰফৰ পৰা সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply