নলবাৰীত জয়ন্তমল্ল নে অশোক শৰ্মা

নলবাৰী: যি সময়ত এজনৰ পিছত আনজন নেতাই অসমলৈ আহি ৰণডংকা বজাইছে সেই সময়ত বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক যুঁজখন ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে |ৰাজ্যৰ অন্যতম সমষ্টি নলবাৰীত বিজেপি দলৰ প্ৰাৰ্থী হ’বলৈ মুকলিকৈ আগ্ৰহ প্ৰকাশ কৰিছে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা |

সংবাদ মাধ্যমৰ আগত জয়ন্ত মল্ল বৰুৱাই কয়, ” নলবাৰীৰ ৰাইজৰ হৈ কাম কৰিবৰ বাবে পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিব লাগিব | দলীয় নেতৃত্বই নলবাৰীত প্ৰাৰ্থিত্ব দিলে নিৰ্বাচনত অংশ ল’বলৈ সাজু হৈ আছো | শীঘ্ৰেই পৰ্যটন নিগমৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লম | পূৰ্বৰ বহু কাম এতিয়াও আধৰুৱা হৈ আছে তাক সম্পূৰ্ণ কৰিবলৈ নলবাৰীৰ বিধায়ক হ’বলৈ সাজু, আশা কৰো নলবাৰীৰ ৰাইজে মোক এইবাৰ আকোঁৱালী ল’ব |”

জয়ন্তমল্ল বৰুৱাৰ এই ঘোষণা মুকলিকৈ কৰাৰ লগে লগে বিজেপিৰ ভিতৰচ’ৰাত প্ৰাৰ্থিত্বক লৈ যুঁজ খন যে নলবাৰীত হ’ব সেইয়া নিশ্চিত হয় | কাৰণ বৰ্তমানৰ বিধায়ক অশোক শৰ্মাও দলীয় প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ | যোৱা নিৰ্বাচনৰ সময়ত জয়ন্ত মল্ল বৰুৱা ন বিজেপি আছিল বাবেই দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল |

বৰ্তমান সময়ত সমুখ সমৰত নামি পৰিছে জয়ন্ত মল্ল বৰুৱা আৰু অশোক শৰ্মা। ঘৰৰ ভিতৰতেই শীতল যুদ্ধত দুই নেতা। খোলোচাকৈ কোনেও একো সদৰি নকৰিলেও সকলোৱে বুজি উঠিছে যুঁজৰ কথা।

নলবাৰীত অনুষ্ঠিত হোৱা একসভাত জয়ন্ত মল্ল বৰুৱাই নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ কয় ‘মই নিৰ্বাচন খেলিম গতিকে মই আগন্তুক বৰ্ষত অসম পৰ্যটন নিগমৰ অধ্যক্ষ নহবও পাৰো’।নলবাৰীত অসম পৰ্যটন নিগমৰ কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য আগবঢ়াই জয়ন্ত মল্ল বৰুৱাই।লগতে তেখেতে ইয়াকো কয় যে, পূৰ্বে নলবাৰীৰ বিধায়ক আছিলো বাবে নলবাৰীত বহু আধৰুৱা কাম থাকি গল, গতিকে নলবাৰী সমষ্টিত নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰিলে অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা বিজেপিৰ উপ-সভাপতি জনে ।তেওঁ কয় যে, নলবাৰীৰ মানুহে তেওঁক ভালদৰে চিনি পাই। যাৰ বাবে জয় হোৱাৰ কথা একেবাৰে সাধাৰণ।

পিছে দলীয় নেতৃত্বই যদি নলবাৰীৰ বাহিৰে অন্য ঠাইতো প্ৰাৰ্থীত্ব দিয়ে তাত আপত্তি নাই। যতেই দিয়ে তাতেই নিৰ্বাচন খেলিব বৰুৱাই। আৰ এছ এছ কৰ্মী ৰূপে বিজেপিলৈ অহা অশোক শৰ্মাই মুখ্যমন্ত্ৰীৰ সৈতে সু সম্পৰ্ক বজাই ৰাখিছে | বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে যোৱা সময়চোৱাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতহে বৰ্তমানৰ বিধায়ক সকলে প্ৰাৰ্থিত্ব পাব বুলি ইতিমধ্যে ঘোষণা কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply