বিতোপন মাজি,কাজিৰঙা:- অসমৰ পৰ্যটকৰ আগমনেৰে অভিলেখ সৃষ্টি কাজিৰঙাত ৷ নৱবৰ্ষৰ প্ৰথম তিনিটা দিনতে ৮ হাজাৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি জীপাল কৰি তুলিলে পৰ্যটন উদ্যোগটোক ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া ম’তে, ২০২০ বৰ্ষৰ অক্টোবৰৰ ২১ তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ২০২১ ৰ জানুৱাৰী মাহৰ ৩ তাৰিখলৈকে অহা পৰ্যটকৰ সংখ্যাই অতিক্ৰম কৰিছে ৭৬ হাজাৰ ৷

তদুপৰি, নৱবৰ্ষৰ প্ৰথম মাহৰ প্ৰথম তিনিটা দিনতে উদ্যান দৰ্শন কৰিছে ৮ হাজাৰৰো অধিক পৰ্যটকে ৷ এই প্ৰথম তিনিটা দিনতে উদ্যান দৰ্শনাৰ্থীৰ পৰা ৰাজহ সংগ্ৰহ হৈছে ১০ লাখ টকা ৷ ইফালে, উদ্যান মুকলি কৰাৰ পাছতে চলিত বৰ্ষৰ ৩ জানুৱাৰীলৈকে উদ্যান দৰ্শন কৰা ৭৬ হাজাৰ পৰ্যটকৰ পৰা আহৰণ হোৱা ৰাজহৰ পৰিমাণ প্ৰায় ১.৫ কোটি টকা ৷ উদ্যানৰ সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰা ম’তে, প্ৰথমবাৰৰ বাবে ৭৬ হাজাৰ পৰ্যটকৰ ভিতৰত ৯৯ শতাংশ অসমৰ পৰ্যটকৰ উপস্থিতিয়ে অভিলেখৰ সৃষ্টি কৰিছে কাজিৰঙাত ৷

তদুপৰি, ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ ভোমোৰা গুৰিত আৰম্ভ কৰা নদী পৰ্যটনত জানুৱাৰী মাহৰ প্ৰথম দিন কেইটাত পৰ্যটকৰ ভিৰ যথেষ্ট ৷ প্ৰতিদিনে গড়ে প্ৰায় ছয় শ কৈ পৰ্যটকে কাজিৰঙাৰ নদী পৰ্যটন ক্ষেত্ৰত নৌকা বিহাৰ কৰিছে বুলি প্ৰকাশ কৰি সঞ্চালক শিৱকুমাৰে কয় যে, এই জানুৱাৰী, ফ্ৰেব্ৰুৱাৰী মাহত বহিঃৰাজ্যৰ পৰ্যটক আগমন আশা কৰা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply